যোৱা তিনি অক্টোৱৰ তাৰিখে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ীৰে মহতিয়াই আন্দোলনকাৰী আঠজনকৈ কৃষক নেতাক হত্যা কৰে।
আৰক্ষীয়ে ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ এতিয়াও গ্ৰেপ্তাৰ কৰা নাই। আৰক্ষীৰ স্থিতিক লৈ সকলোৰে মনত সন্দেহ উপজিছে।
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন বি ৰামানা, ন্যায়াধীশ সূৰ্য্যকান্ত আৰু হিমা কোহলিৰ তিনিজনীয়া বিচাৰপীঠে বিচাৰ প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে সেই সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে।
উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত বিষয়টোৱে নতুন মূৰ লাভ কৰিব বুলি আশা কৰা হৈছে।