দুবছৰ ক্ষমতা দখল কৰাৰ অন্তত তালিবানে আনুষ্ঠানিকভাৱে আফগানিস্তানত গণতন্ত্ৰৰ অন্ত পেলালে । আফগানিস্তানৰ সকলো ৰাজনৈতিক দলকে শ্বৰীয়ত অনুসৰি নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তালিবানে ৷
এক সংবাদমেলত তেওঁলোকে কয় –“ আফগানিস্তানত মানুহৰ দৈনন্দিন জীৱনৰ আচাৰ-ব্যৱহাৰ ইছলামিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। তাত ৰাজনৈতিক দলৰ কোনো স্থান নাই। আমাৰ দেশত ৰাজনৈতিক দলৰ উপস্থিতি শ্বৰীয়ত আৰু জাতীয় স্বাৰ্থৰ বিৰুদ্ধে। সেয়েহে সকলো ৰাজনৈতিক কাৰ্যকলাপ আৰু ৰাজনৈতিক দল নিষিদ্ধ কৰা হৈছে ।”
আমেৰিকা নেতৃত্বাধীন বহদেশীয় বাহিনীৰ প্ৰত্যাহাৰৰ মাজতে ২০২১ চনৰ ১৫ আগষ্টত আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰে তালিবানে। তালিবানে দেশখনত ক্ষমতা দখল দ্বিবর্ষপূর্ত্তিৰ এদিন পিছতে কাবুলত এখন সংবাদমেলত তালিবান মন্ত্ৰীগৰাকীৰ এই ঘোষণাই গৃহযুদ্ধগ্ৰস্ত আফগানিস্তানত নতুন অশান্তিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।