VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ নিষেধাজ্ঞা নহয়, ছুপাৰকাৰ নির্মাণেৰে বিশ্ববাসীক চমক দিবলৈ প্ৰস্তুত তালিবান চৰকাৰ, কিমান হ’ব তালিবানৰ ছুপাৰকাৰৰ দাম !!

voicedesk by voicedesk
January 17, 2023
in মুখ্য সংবাদ
এইবাৰ নিষেধাজ্ঞা নহয়, ছুপাৰকাৰ নির্মাণেৰে বিশ্ববাসীক চমক দিবলৈ প্ৰস্তুত তালিবান চৰকাৰ, কিমান হ’ব তালিবানৰ ছুপাৰকাৰৰ দাম !!
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

২০২১ বর্ষৰ ১৫ আগষ্টত আফগানিস্তান পুনৰ দখল কৰে তালিবানে। ইয়াৰ পাছতে নাগৰিকে ভয়তে সেই দেশৰ পৰা পলায়ন কৰিবলৈ ধৰিলে। বিগত ডেৰ বছৰত তালিবান শাসনৰ অধীনত দেশখনত বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আফগানিস্তানৰ পৰিস্থিতিত সমগ্ৰ বিশ্বই আতংকিত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত আফগানিস্তানৰ প্ৰতি বিশ্বৰ ধাৰণা সলনি কৰিবলৈ তৎপৰ হৈ পৰিছে তালিবান নেতৃত্ব। আৰু প্ৰথম পদক্ষেপ হিচাপে তালিবান চৰকাৰে নিৰ্মাণ কৰিছে এখন নতুন  ছুপাৰকাৰ।

চিকচিকিয়া গাড়ীখন আকর্ষণীয়াৱে নির্মাণ কৰা হৈছে ৷আফগানিস্তানৰ তালিবান চৰকাৰে এনে এখন আধুনিক ছুপাৰকাৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। সেই দেশত প্ৰথমবাৰৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি ছুপাৰকাৰ নিৰ্মাণ কৰা হৈছে। ছুপাৰকাৰখনৰ নাম দিয়া হৈছে ‘মাডা ৯’। অহা কেইসপ্তাহমানৰ ভিতৰত গাড়ীখনৰ মৌলিক মডেলৰ নির্মাণ  সম্পূৰ্ণ হ’ব।তাৰ পিছতহে এই আধুনিক  গাড়ীখন জনসাধাৰণৰ মাজলৈ অনা হ’ব। তালিবান চৰকাৰে কয় যে কাটাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীত এই ছুপাৰকাৰখনে আত্মপ্ৰকাশ কৰিব।

এই গাড়ীখন যোৱা ৫ বছৰ ধৰি নিৰ্মাণৰ কাম চলি আছে। কাবুলৰ আফগানিস্তান টেকনিকেল ভকেচনেল ইনষ্টিটিউটে ‘এণ্টপ’ নামৰ কোম্পানী এটাৰ সৈতে যৌথভাৱে নিৰ্মাণ কৰিছে এই গাড়ীখন।

এই গাড়ীখন কেনেকুৱা হ’ব? বৈশিষ্ট্যসমূহ কি কি? ‘মাডা ৯’ হৈছে এখন ‘মিড ইঞ্জিন ছুপাৰকাৰ’। ইয়াত টয়োটা ক’ৰ’লা ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। এই ধৰণৰ ইঞ্জিন তীব্ৰ গতিৰ বাবে নিৰ্মাণ কৰা হয়। এ টি ভি আইৰ মুৰব্বী গুলাম হাইদৰ শ্বাহমেটে কয় যে এই ইঞ্জিনটো এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে গাড়ীখন তীব্ৰ বেগত চলিব পাৰে।

 

ছুপাৰকাৰৰ চেছিছ (গাড়ীৰ তলৰ গঠন) টিউব আকৃতিৰ। চেছিছটো বেছি গধুৰ নহয়। গাড়ীখন নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সকলো উপাদান লঘু। ই ছুপাৰকাৰৰ গঠন ফৰ্মুলা ১ ৰেচ গাড়ীত ব্যৱহাৰ কৰা টিউবুলাৰ চেছিছৰ দৰেই।

এই ছুপাৰকাৰখন পাহাৰীয়া অঞ্চলতো চলিব পাৰিব । আফগানিস্তানৰ পাহাৰীয়া অঞ্চলত পৰীক্ষা কৰা হৈছে ‘মাডা ৯’ ছুপাৰকাৰ। অভিযন্তাসকলে গাড়ীখন পৰীক্ষা কৰিছে। অৱশ্যে সেই মুহূৰ্তৰ কোনো ভিডিঅ’ মুকলি হোৱা নাই।

আফগানিস্তানৰ প্ৰথমখন ছুপাৰকাৰৰ মূল্যও আকাশলংঘী। ভাৰতত ‘লেমবৰ্গিনি হুৰাকান’, ‘অ’ডি আৰ ৮’ৰ দৰে ছুপাৰকাৰৰ দাম কোটি কোটি টকাৰ ওপৰত। ‘মাদা ৯’ ছুপাৰকাৰৰ দাম কোটি টকাতকৈও অধিক। এই ছুপাৰকাৰৰ দাম ২-৪ কোটি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

এনটপ কোম্পানীৰ চিইঅ’ মহম্মদ ৰেজা আহমদীয়ে কয় যে এই বাহনখনৰ জৰিয়তে আফগানিস্তানে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত প্ৰভাৱ পেলাব। কিন্তু এই গাড়ীখন কেতিয়া উদ্বোধন হ’ব, সেয়া ঠিক কৰা হোৱা নাই। প্ৰথম অৱস্থাত এই গাড়ীখন কেৱল আফগানিস্তানতহে উপলব্ধ হ’ব। আগন্তুক দিনত এই ছুপাৰকাৰখনে বিশ্বৰ আন আন দেশত উপস্থিত হ’ব।

এণ্টপৰ কমেও ৩০ জন অভিযন্তাই গাড়ীখনৰ কাম কৰি আছে। গাড়ীৰ হেডলাইটত এল ই ডি লাইট ব্যৱহাৰ কৰা হয়। অনাগত দিনত ইলেক্ট্ৰিক ছুপাৰকাৰ হিচাপে নিৰ্মাণ হ’ব পাৰে ‘মাডা ৯’।

ছুপাৰকাৰৰ ছবিখন প্ৰথমে ৰাজহুৱা কৰিছিল তালিবানৰ উচ্চ শিক্ষা মন্ত্ৰী আব্দুল বাকি হাক্কানীয়ে। গাড়ীৰ ৰং ক’লা। ছুপাৰকাৰখনৰ ফটো আৰু ভিডিঅ’ পোহৰলৈ আহিছে। গাড়ীখন দেখাত স্প’ৰ্টছ গাড়ীৰ দৰে। তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ছ’চিয়েল মিডিয়াত গাড়ীখনৰ ছবি প্ৰকাশ কৰে। তেওঁ কয় যে এই গাড়ীখন সমগ্ৰ দেশৰ বাবে এক সন্মান।

প্ৰসংগক্ৰমে ২০২১ চনৰ ১৫ আগষ্টত আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছত তালিবানে আশ্বাস দিছিল যে তেওঁলোকে এখন উন্নয়নশীল দেশ গঢ়ি তুলিব। কিন্তু অতীতৰ তালিবান-ৰাজৰ ভয়াবহ স্মৃতিৰ বাবে সমগ্ৰ বিশ্বই আফগানসকলৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত বিশেষজ্ঞসকলৰ মতে এই ছুপাৰকাৰৰ সৃষ্টি তালিবানৰ বাবে এক প্ৰত্যাহ্বান ৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ভাৰতীয় বজাৰত প্ৰবেশ ঘটিল ‘ইক’ছ’ল’ৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ভাৰতীয় বজাৰত প্ৰবেশ ঘটিল ‘ইক’ছ’ল’ৰ

ভাৰতীয় বজাৰত প্ৰবেশ ঘটিল ‘ইক’ছ’ল’ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7