উত্তৰ ভাৰতৰ অধিকাংশ ৰাজ্যই গৰমৰ পৰা ৰক্ষা পোৱাৰ কোনো সম্ভৱনা নাই । এই আগজাননী দিছে মৌসম ভৱনে ৷ দিল্লী, হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু গুজৰাটত আগন্তুক পাঁচ দিনলৈ তীব্ৰ গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
ৰাজস্থানৰ পৰিস্থিতি সম্প্ৰতি আটাইতকৈ বেয়া। ৰাজ্যৰ অধিকাংশ জিলাতে তাপমাত্ৰা অতিক্ৰম কৰিছে ৪৫ ডিগ্ৰী। অনাগত দিনত তাপমাত্ৰা ৫০ ডিগ্ৰীৰ ওচৰ চাপিব বুলি আশা কৰা হৈছে। জয়ছালমেৰৰ সমীপৰ ভাৰত-পাকিস্তান সীমান্তত বৃহস্পতিবাৰে তাপমাত্ৰা ৫০ ডিগ্ৰী স্পৰ্শ কৰে। গ্ৰীষ্মপ্ৰৱাহৰ বাবে ৰাজ্যত যোৱা কেইদিনমানৰ পৰা হিট ষ্ট্ৰোকত আক্ৰান্ত লোকৰ সংখ্যাও বৃদ্ধি পাইছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে ৰাজ্যখনৰ তিনিখন জিলাত গৰমৰ বাবে ৭ জন লোকৰ মৃত্যু হয়। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক গৰম বৰ্মেৰত ৪৮.৮ ডিগ্ৰী চেলছিয়াছ ৰেক’র্ড হৈছে। জালোৰৰ তাপমাত্ৰা আছিল প্ৰায় ৪৮ ডিগ্ৰী চেলছিয়াছ। অৱশ্যে এই উষ্ণতা ৫০ পৰ্যন্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
ৰাজস্থানৰ সমান্তৰালকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ অধিকাংশ অঞ্চলত বৃহস্পতিবাৰে ৪৫ ডিগ্ৰীৰ ওপৰত তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বাবে হিট ৱেভ এলাৰ্ট জাৰি কৰা হৈছে। গৰম বৃদ্ধিৰ লগে লগে বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে ৷ শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে সমগ্ৰ দেশতে বিদ্যুতৰ চাহিদা আছিল সৰ্বাধিক। সেইদিনা ২৩৭ গিগাৱাট বিদ্যুতৰ চাহিদা আছিল। দিল্লীত বিদ্যুতৰ চাহিদা ৮ হাজাৰ মেগাৱাট । কেন্দ্ৰীয় জল আয়োগে পুনৰ অৱগত কৰিছে যে গৰমৰ বাবে দেশৰ ১৫০টা বৃহৎ জলাশয়ৰ জলস্তৰ হ্ৰাস পাইছে ৷ দিল্লীত কমিছে যমুনাৰ জলপৃষ্ঠ। ফলস্বৰূপে বহু অঞ্চলত পানী যোগানৰ ওপৰত প্ৰভাৱ পৰে।