হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থখন বাজেট তথা ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট বিধানসভাত দাখিল কৰাৰ পাছতে অসমৰ সচেতন মহল, দল-সংগঠনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বাজেটক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুৰাজ বৰপাত্ৰ গোঁহাই, ৰাতুল হুছেইন, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱালে কয় যে বাজেটখন হৈছে অসমৰ জনসাধাৰণৰ আশা আৰু প্ৰাপ্তিৰ প্ৰতিফলন। কৰ্ম-সংস্থাপন, অৰ্থনৈতিক স্বাৱলম্বিতা, আগন্ত্তক সময়খিনিৰ কাৰণে ৰাজ্যখনৰ অৰ্থনীতি, সামগ্ৰীক উন্নয়ণ , সমবিকাশৰ আধাৰ হিচাপে বাজেট প্ৰস্তুত কৰাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে। বছৰি ২ লাখ চাকৰি দিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনিটা বছৰত স্থায়ী,অস্থায়ী আৰু ঠিকাভিত্তিক চাকৰি মিলাই কেৱল ৯৪ হাজাৰ ৬ শ ৬ টা পদতহে নিযুক্তি দিয়া বুলি বাজেটত উল্লেখ কৰাটোৱে চৰকাৰৰ কাম আৰু কথাৰ মাজত থকা পাৰ্থক্য প্ৰকট হৈ পৰিছে বুলি কটাক্ষ কৰে। লগতে পূৰ্বে চাকৰি লাভ কৰা অংগনবাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী, ৰান্ধনি , ১০৮ , ১০৪ কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু অ-প্ৰাদেশীকৃত শিক্ষকে নিজৰ প্ৰাপ্য বিচাৰি বিধানসভা চলি থকা সময়ত প্ৰতিবাদ সাব্যস্ত কৰি থকা টোৱে প্ৰমাণ কৰে নিযুক্তিক লৈ চৰকাৰৰ নাটকখন বুলিও কয় । সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে গতানুগতিকভাৱে ভোট বেংক সৃষ্টিৰ স্বাৰ্থত মহিলাসকলক আকৰ্ষিত কৰি আত্ম সহায়ক গোটলৈ সাহাৰ্য, অৰুণোদয় আঁচনিৰে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি , ধৰ্মীয় অনুষ্ঠালৈ সাহাৰ্য্যতে সীমাৱদ্ধ কৰা হল বাজেটখন। মাইক্ৰফাইনেঞ্চৰ সকলো ঋণ ৰেহাই দিয়া হব বুলি নিৰ্বাচনৰ আগতে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল । কিন্ত্ত যোৱা তিনিটা বছৰত মুঠ ১২ হাজাৰ ৫০০ কোটি টকা ধাৰ ৰ ২ হেজাৰ ৯০ কোটি টকা সকাহ দি ১০ হেজাৰ ৪ শ কোটি টকা ঋণ মাফ কৰিবলৈ বাকী থকা পাছত বিত্ত মন্ত্রী গৰাকীয়ে অতি কৌশলেৰে কেৱল ৫ শ ৫০ কোটি টকাহে ধাৰ্য কৰে ঋণ ৰেহাই বাবদ। যিসকল মহিলাৰ ২৫ হাজাৰ এক টকাৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ধাৰ আছে সেইসকলহে ৰেহাই দিয়া হব বুলি ঘোষণা কৰিছে যদিও মুখ্যমন্ত্ৰীয়ে ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বেই ঋণৰ কিস্তি দিব নালাগে বুলি ঘোষণা কৰাৰ সময়ত যি সকল মহিলাৰ ধাৰ সেইসময়তে ২৫ হাজাৰ আছিল এতিয়া চাৰিটাকৈ বছৰে সূত বৃদ্ধি হৈ সেই ধাৰৰ পৰিমাণ হয়তো ৭০ বা ৮০ হাজাৰ হ’লগৈ। আনহাতে যি সকল মহিলাৰ ৫০ হাজাৰ আছিল তেওঁলোকৰ ১ লাখৰো অধিক হলগৈ তেনেস্থলত আজি বাজেটত ঘোষণা কৰা ২৫ ৰ পৰা ৫০ হাজাৰ টকা ঋণ থকা সকলৰ বাবে ৰেহাই ব্যবস্থাই সেই সকল মহিলাক বঞ্চিত কৰি চূড়ান্ত প্ৰতাৰণা কৰিছে বুলি তীব্ৰ সমালোচনা কৰিছে সংগঠনটোৱে। আনকি চৰকাৰৰ আশীৰ্বাদপুষ্ট নিদিষ্ট একাংশ লোকক উপাৰ্জনকে সামগ্ৰীক ভাৱে দেখুৱাই মুঠ জনমূৰি আয় বৃদ্ধি হোৱা বুলি গণিত ঠিকেই বাজেটত দেখুৱাইছৈ চৰকাৰে, কিন্ত্ত সাধাৰণ জনসাধাৰণৰ ক্ৰয় ক্ষমতা নোহোৱা কৰি যে পেলোৱা হল তাৰ প্ৰমাণ অৰুণোদয় দৰে ১২৫০ টকীয়া হিতাধিকাৰীৰ আচনিৰ সংখ্যা বৃদ্ধি কৰিবলগা হোৱাটোই নহয় জানো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কৃষক মুক্তিৰ নেতৃত্বই।