যোৰহাটত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ দুই পুত্ৰৰ অৱহেলাৰ বাবেই বন্ধ কোঠাত তিলতিলকৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এগৰাকী মাতৃয়ে ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ ধৌৱাপুখৰীত ৷ ইতিমধ্যে বন্ধ ঘৰটোৰ পৰা উদ্ধাৰ কৰা হৈছে ৭৫ বছৰীয়া অনুপমা দত্ত নামৰ মহিলা গৰাকীৰ উৱলি যোৱা মৃতদেহ ৷
প্ৰাপ্ত তথ্য অনুসৰি মহিলা গৰাকীৰ দুই পুত্ৰ পেচাত অভিযন্তা ৷ সৰুপুত্ৰ থাকে আমেৰিকাৰ কেলিফর্ণিয়াত আৰু বৰপুত্ৰ থাকে গেংটকত ৷ যাৰ বাবে মহিলা গৰাকীয়ে ঘৰটোত অকলে বাস কৰিছিল ৷ এগৰাকী কন্যা আছিল যদিও মাতৃৰ সৈতে হোৱা মনোমালিন্যৰ বাবে সুকীয়াকৈ বাস কৰিছিল ৷ অৱশেষত বৰপুত্ৰ গেংটকৰ পৰা আহি ঘৰত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ অৱশ্যে বৰপুত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁৰ ভগ্নী মানসিকভাৱে সুস্থ নহয় ৷
আনহাতে সংবাদমাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি বৰপুত্ৰ প্ৰতি তিনিমাহৰ মুৰে মুৰে ঘৰলৈ আহে আৰু যাৱতীয় পইচা পাতি দি থৈ যায় ৷ সৰুপুত্ৰ বছৰেকত এবাৰ ঘৰলৈ আহে ৷ তাতেই যে দুই পুত্ৰৰ দায়িত্ব শেষ ৷ যাৰ পৰিণতিত অনাহাৰে –অনিদ্ৰাত বৃদ্ধা গৰাকীয়ে শোকাৱহভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ৷