হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰাৰ গোচৰত পুনৰ আন এজন আৰক্ষী বিষয়া গ্ৰেপ্তাৰ হৈছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উপ পৰিদর্শক অনুৰাগ বৰাক ৷ ধৃত অনুৰাগ বৰা ভৰলু আৰক্ষী থানাৰ উপ পৰিদর্শক ৷
উল্লেখ্য যে বৃহস্পতিবাৰে একেটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ভৰলু আৰক্ষী থানাৰ উপ-পৰিদর্শক মোবাৰক আলীৰ লগতে টফিকউদ্দিন নামৰ এজন সাংবাদিকক। এটা ব্যক্তিগতখণ্ডৰ টেলিভিচন চেনেলত কৰ্মৰত হৈ আছিল টফিকউদ্দিন। তদুপৰি এই গোচৰটোত আন এজন লোকক গ্রেপ্তাৰ কৰিছে ভৰলু আৰক্ষীয়ে।
উল্লেখ্য যে নৱেম্বৰত আৰক্ষীয়ে ফাঁচী বজাৰত এক হাৱালা চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছিল । অভিযানৰ সময়ত আৰক্ষীয়ে হাৱালা চক্ৰটোৰ পৰা ২ কোটিৰো অধিক ধন উদ্ধাৰ কৰে ৷ কিন্তু উদ্ধাৰ হোৱা সমুদায় ধন জব্দ কৰাৰ বিপৰীতে অভিযান চলোৱা আৰক্ষী আৰু সেই সময়ত ঘটনাস্থলীত থকা সাংবাদিকে ২৫ লাখ টকা আত্মসাৎ কৰে ৷ পৰৱর্তী সময়ত এই কথা পোহৰলৈ অহাৰ পাছতে মোবাৰক আৰু টফিকউদ্দিনক গ্ৰেপ্তাৰ কৰে ৷ আজি গ্ৰেপ্তাৰ কৰা এছআই অনুৰাগ বৰাও সেই সময়ত ঘটনাস্থলীত উপস্থিত আছিল ৷