গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত আজি বন্দৰ-জলপথ আৰু আয়ুষ মন্ত্ৰালয়ৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ । অসমকে ধৰি উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ অগ্ৰগতি সন্দর্ভত আজি আলোচনা কৰা হয় ৷ বিভাগীয় পৰ্যালোচনা বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
পর্যালোচনা বৈঠকৰ অন্তত তেওঁ সংবাদাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰৰ ৮৮টা ঠাইত জলপৃষ্ঠ হ্ৰাস পাইছে। পানীৰ স্তৰ কমি যোৱা স্থানসমূহত খনন কৰা হ’ব। ব্ৰহ্মপুত্ৰৰ গভীৰতা নূন্যতম ২ মিটাৰ হোৱাটো বাধ্যতামূলক ৷
তেওঁ লগতে কয় যে উত্তৰ-পূব অঞ্চলত আই ডব্লিউ এ আইৰ অধীনত ১১টা প্ৰকল্পৰ কাম চলি আছে । ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে ।
তদুপৰি বৰাকত শীঘ্ৰে ১৫টা ভাসমান টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে । ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’ব ১৬টা ভাসমান টাৰ্মিনেল। ইয়াৰ বাবে খৰচ হ’ব ৬.০৩ কোটি টকা ৷