ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞানৰ প্ৰতিবেদনে চৰম বিপদৰ সংকেত দিছে ৷ প্ৰতিবেদনখনে দ্ৰুত গোলকীয় উষ্ণতা বৃদ্ধিৰ এক ভয়ানক ছবি দাঙি ধৰিছে। ইয়াত কোৱা হৈছে যে ২০২৩ চনে পূৰ্বৰ সকলো উষ্ণতাৰ অভিলেখ অতিক্ৰম কৰিছে। স্বাভাৱিকতে ইয়াৰ ফলত সাগৰৰ পানীৰ উষ্ণতা বৃদ্ধি পাইছে আৰু হিমবাহৰ ব্যাপক পৰিৱৰ্তন হৈছে। কিন্তু উষ্ণতাৰ এনে পৰিৱৰ্তন হঠাতে হোৱা নাই। ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞানৰ বাৰ্ষিক প্ৰতিবেদনত ২০১৪ চনৰ পৰা ২০২৩ চনলৈকে আটাইতকৈ উষ্ণ দশক হিচাপে চিনাক্ত কৰা হৈছে।
বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে বিগত এটা বছৰত ভূপৃষ্ঠৰ উষ্ণতা প্ৰায় ১.৪৫ ডিগ্ৰী চেলছিয়াছৰ গড় বৃদ্ধি অতিশয় চিন্তাৰ বিষয়। কাৰণ ২০১৫ চনত পেৰিছত অনুষ্ঠিত জলবায়ু সন্মিলনত বৈঠকত মিলিত হোৱা দেশসমূহে উষ্ণতা বৃদ্ধিৰ বিপদৰ মাত্ৰা প্ৰায় উপনীত হৈছে। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুৰব্বী আন্দ্ৰেয়া ছাউলোৱে ইয়াক বিশ্বৰ বাবে ‘ৰেড এলাৰ্ট’ বুলি অভিহিত কৰে। উষ্ণতা বৃদ্ধিৰ লগে লগে জলবায়ু পৰিৱৰ্তন অধিক ব্যাপক হৈ পৰিব বুলি তেওঁ সকীয়াই দিয়ে।
ছাউলোৰ মতে ২০২৩ চনত সাগৰৰ পানীৰ উষ্ণতাৰ অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে। হিমবাহৰ গলনাংকৰ হাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ১৯৫০ চনৰ পৰা হিমবাহৰ পৰিৱৰ্তনৰ তথ্য সংগ্ৰহ চলি আহিছে। কিন্তু এইবাৰ হিমবাহৰ গলনৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছে যে আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। ইয়াৰ ফলত এটা বছৰত সাগৰৰ জলপৃষ্ঠ সৰ্বাধিক বৃদ্ধি পাইছে। ১৯৯৩ চনৰ পৰা সাগৰৰ জলপৃষ্ঠৰ উপগ্ৰহৰ তথ্য সংগ্ৰহ আৰম্ভ হয়। ৰেকৰ্ডত দেখা গৈছে যে সেই সময়ৰ পৰা কেতিয়াও এনে বৃদ্ধি হোৱা নাই। উপগ্ৰহৰ তথ্য সংগ্ৰহৰ প্ৰাৰম্ভিক দশকবোৰৰ তুলনাত যোৱা দশকত জলপৃষ্ঠ বৃদ্ধিৰ এই মাত্ৰা দুগুণতকৈও অধিক ৷
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উষ্ণতা বৃদ্ধিৰ এই প্ৰভাৱে বিশ্বৰ মানুহৰ জীৱনত ব্যাপক প্ৰভাৱ পেলাব বুলি উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ বানপানী আৰু খৰাং পৰিস্থিতিত চৰম উষ্ণতাৰ প্ৰভাৱত মানুহৰ স্থানচ্যুতিৰ সম্ভাৱনা বা খাদ্য সংকটৰ সম্ভাৱনাই চৰ্চালৈ আহিছে।