যোৰহাটৰ লিচুবাৰীস্থিত সেনা ছাউনীৰ লগতে ডিৰাক আৰু জয়সাগৰত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ পিছতে আলফা(স্বাঃ)ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে ৷ লিংকমেনৰ সন্দেহত জুমন বৰা নামৰ এজন যুৱকক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিছুদিন পূৰ্বে তিনিচুকীয়া আৰক্ষীয়েও জুমনক আলফা(স্বাঃ)ৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে, জুমনে সামাজিক মাধ্যমত আৰক্ষীৰ বিৰুদ্ধে বহুকেইটা পোষ্ট দিছিল। যোৰহাটৰ বিস্ফোৰণৰ ঘটনাৰ পিছতে যোৰহাট আৰক্ষীক সমালোচনা কৰি জুমন বৰাই সামাজিক মাধ্যমত পোষ্ট দিছিল। ইয়াৰ পূৰ্বেও জুমনক যোৰহাট আৰক্ষীয়ে কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল। এবাৰ পিষ্টল সৰৱৰাহ কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।
তদুপৰি এবাৰ সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট লিখিও জুমন গ্ৰেপ্তাৰ হ’ব লগা হৈছিল।