ৰাজ্যজুৰি মধ্যাহ্ন ভোজন কর্মচাৰীসকলে ছয়দফীয়া দাবীৰ সমর্থনত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ আজি জিলা শিক্ষা বিষয়াৰ কার্যালয়ৰ সন্মুখত সহস্ৰাধিক মধ্যাহ্ন ভোজন কর্মচাৰীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ মধ্যাহ্ন ভোজন কর্মচাৰীসকলে শিক্ষা বিষয়াৰ কার্যালয়ত তলা লগাই প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিষয়াৰ কার্যালয়ৰ কর্মচাৰীসকলে কার্যালয়ত প্ৰৱেশ কৰাত বাধাগ্ৰস্ত হয় ৷
লক্ষণীয় যে মুলত মাননি বৃদ্ধি কৰাৰ দাবীৰে মধ্যাহ্ন ভোজন কর্মচাৰীসকলে এই বিক্ষোভ কার্যসূচী বিগত তিনিদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰতিবাদী মধ্যাহ্ন ভোজন কর্মচাৰীসকলে কয় যে বেলেগ বেলেগ ৰাজ্যত এই কর্মচাৰীসকলৰ মাননি বৃদ্ধি কৰা হৈছে ৷ কিন্তু অসমত মাননি বৃদ্ধি কৰা হোৱা নাই ৷ বেটী বচাও, বেটী পঢ়াও শ্লোগান দিয়া চৰকাৰৰ দিনত কিয় মাননি বৃদ্ধিৰ বাবে এনেদৰে প্ৰতিবাদ সাৱ্যস্ত কৰিব লগীয়া হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷