হাজোত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা ৷ বিহদি দুবৃর্ত্তই হত্যা কৰিলে অৰ্ধশতাধিক পোহনীয়া কুকুৰা। যাৰ বাবে বেগত মৃত কুকুৰা ভৰাই লৈ হাজো আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিলে গৰাকীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি হাজোৰ হাবলাখাতত সংঘটিত হৈছে এই ঘটনা ৷ কীটনাশক দ্ৰব্য দি প্ৰায় অৰ্ধশতাধিক কুকুৰাৰ হত্যা কৰা হৈছে। হাবলাখা গাঁওৰ পূব চুবুৰীৰ ৰচিদ আলী আৰু তেওঁৰ দুগৰাকী ভাতৃয়ে কঠীয়াত বিষাক্ত ফুৰাডন ধানৰ লগত মিহলি কৰি ছটিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷
সেই ফুৰাডন মিহলোৱা ধান খাই প্ৰায় অৰ্ধশতাধিক কুকুৰাৰ মৃত্যু হৈছে। এই মৃত কুকুৰাবোৰ বেগত ভৰাই হাজো আৰক্ষী থানাত উপস্থিত হয় গৰাকী। তাৰ পাছতে ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে। হাজো আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
‘