এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে পক্ষী ৷ বিগত বৰ্ষতকৈ কাজিৰঙাত স্থায়ী আৰু পৰিভ্ৰমী জলজ পক্ষীৰ সংখ্যা ২৭ শতাংশলৈ বৃদ্ধি পাইছে। ১০ জানুৱাৰীত অনুষ্ঠিত কাজিৰঙাৰ জলজ পক্ষী গণনা ৷
কাজিৰঙাত বর্তমান আছে ৮৪ হাজাৰ ৮৩৯টা জলজ পক্ষী ৷ দেশৰ পক্ষীৰ আৱাসস্থলী হিচাপে শীৰ্ষ পঞ্চম স্থানৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল।
আনহাতে, গণনাৰ সময়ত ১০টা দুৰ্লভ আৰু বিলুপ্তিপ্ৰায় পক্ষী চিনাক্ত কৰা হৈছে । গণনাৰ সময়ত লাওখোৱা বুঢ়াচাপৰিত গঁড়ৰ উপস্থিতি আৰু বিশ্বনাথত বিশেষ প্ৰজাতিৰ এটা বন্যজন্তু প্ৰত্যক্ষ কৰা হয়। ১০ জানুৱাৰীত কৰা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ অন্তৰ্গত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ১১৫ বিলৰ লগতে সামৰি লোৱা হয় দাঁতিকাষৰীয়া বিলসমূহো ৷