কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে দেওবাৰে অ’টিটি প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে । তেওঁ স্পষ্ট কৰি দিয়ে যে উদ্যোগৰ নামত অশ্লীলতা চলি আছে, অশ্লীল শব্দৰ ব্যৱহাৰ চিৰদিনৰ বাবে চলি নাথাকিব। ক্ৰমবৰ্ধমান অ’টিটি প্লেটফৰ্মত অশ্লীল শব্দৰ বিৰুদ্ধে সকীয়াই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে চৰকাৰে সকলো দিশতে চকু ৰাখিছে বুলি স্পষ্ট কৰি দিয়ে। প্ৰয়োজন হ’লে হস্তক্ষেপ কৰিবলৈ কুণ্ঠাবোধ নকৰিব।
নাগপুৰত এখন সংবাদমেলত অনুৰাগ ঠাকুৰে কয় –“ উদ্যোগৰ অপব্যৱহাৰ কোনো ধৰণে সহ্য কৰা নহ’ব। এনে মঞ্চ সৃষ্টিশীলতাৰ স্বাধীনতাৰ বাবে, অশ্লীলতা বিয়পোৱাৰ বাবে নহয়। গতিকে অ’টিটিত আপত্তিজনক বিষয়বস্তুৰ উত্থানক লৈ চিন্তিত চৰকাৰ। এই সন্দৰ্ভত কিবা পৰিৱৰ্তনৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে চৰকাৰে বিবেচনা কৰিব। সকলো বস্তুৰে এটা সীমা থাকে, পাৰ হ’ব নালাগে। শিল্পৰ নামত গালি-গালাজ, অভদ্ৰতা একেবাৰেই মানি ল’ব নোৱাৰি।”
তেৱওঁ লগতে কয় যে এতিয়ালৈকে এনে অভিযোগ পোৱাৰ সময়ত প্ৰাৰম্ভিক পৰ্যায়ত এনে অভিযোগৰ মোকাবিলা কৰাটো প্ৰযোজকৰ দায়িত্ব। কিছুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ‘কলেজ ৰোমাঞ্চ’ ক আপত্তি কৰিছিল। এই ধাৰাবাহিকখনৰ ভাষাটোক ‘অশ্লীল’ বুলি অভিহিত কৰা হৈছে। প্ৰযোজক, অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ৷