ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত সৃষ্টি হৈছে উদুলি-মুদুলি পৰিৱেশৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনখন ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত ।
ৰঙিয়াৰ সমীপৰ মৰাণজানা-ভইৰাৰ হাতীখোলাৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত অধিৱেশনখন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।অধিৱেশনৰ বাবে প্ৰস্তুতি পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে ৷ প্ৰায় ৭০ শতাংশ মূল মণ্ডপৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে । লগতে ধ্বজাহৰোহন বেদী , গ্ৰন্থমেলা আৰু বাণিজ্যমেলা স্থলীৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে । অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিদিনাই হাজাৰ হাজাৰ আই বাপৰ লগতে স্থানীয় লোক তথা জাতি-ধৰ্ম নিৰ্বিশেষে শ্ৰম দান কৰা দেখা গৈছে অধিৱেশনস্থলীত।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত সকলক আপ্যায়নত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে সকলো দিশ আগত ৰাখি প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ ভকতৰ দান বৰঙনিৰে অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৱে প্ৰচেষ্টা চলাইছে ৷