গোৱালপাৰাত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহাঃ কৃষ্ণাইত নিশা আৰক্ষীয়ে জব্দ কৰিলে ৩৮ টাকৈ চোৰাং গৰু ৷চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানে কঠোৰ হৈছে সিমানে যেন গৰু ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দিবলৈ উদভাৱন কৰিছে ন ন কৌশল ৷ যাৰ পৰিপ্ৰেক্ষিতত চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন আৰু অধিক কঠোৰ হৈছে। জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰায় প্ৰতিদিনি চলাই গৈছে চোৰাং গোধন ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৷
এই অভিযান কালতে নিশা কৃষ্ণাই আৰক্ষীয়ে, জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত কৃষ্ণাইৰ ভেল্টাৰঘাটত অভিযান চলাই অবৈধ ভাৱে সৰবৰাহ কৰা ৩৮ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, ভেল্টাৰঘাটৰ বননি আৰু নৈৰ পাৰত একাংশ ব্যৱসায়ীয়ে মেঘালয় হৈ বাংলাদেশলৈ চোৰাং ভাৱে গৰু সৰবৰাহ কৰিবলৈ কেইবাটাও গৰু একগোট কৰি ৰখাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলায় ৷
আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পাই গো ব্যৱসায়ী সকলে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গৰু এৰি পলায়ণ কৰে ৷ পিছত আৰক্ষীয়ে ভেল্টাৰঘাটৰ জংঘল আৰু নৈৰ পাৰৰ পৰা বান্ধি থােৱা অৱস্থাত ৩৮টা কৈ অবৈধ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত গৰু কেইটা আৰক্ষীয়ে কৃষ্ণাই থানালৈ লৈ আহে ৷