শনিবাৰে পুৱাই গুৱাহাটীৰ বেলতলাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ৰাজপথৰ পৰা এখন ই-ৰিক্সা চোৰ কৰিবলৈ চেষ্টা কৰাক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় স্থানীয় লোক ৷ পলাবলৈ চেষ্টা কৰা চোৰজনক ৰাইজে চোৰক খেদি খেদি কৰায়ত্ব কৰে।
জানিব পৰা মতে, গোবিন্দ বিশ্বাস নামৰ ৰিক্সা চালকজনে নিজৰ এএছ ০১ ইআৰ ২৪৫৯ নম্বৰৰ ই-ৰিক্সাখন পথৰ দাঁতিত ৰখাই থৈ চাহ খাবলৈ গৈছিল। সেই সময়তেই ৰিন্টু আলী নামৰ যুৱকজনে ৰিক্সাখন চুৰি কৰি পলায়নৰ চেষ্টা কৰিছিল।
কিন্তু ৰিন্টুৱে ই-ৰিক্সা চোৰ কৰিব লওতেই গোবিন্দই চিঞৰ বাখৰ কৰাত স্থানীয় লোকসকল গোট খায় ৷ ৰাইজৰ উপস্থিতি দেখি ৰিন্টুৱে পলাবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে তেওঁক কৰায়ত্ব কৰি ধৰি উত্তম মাধ্যম শোধায়। পিছত ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হয় আৰু ৰাইজে ধৃত চোৰটোক আৰক্ষীক গটাই দিয়ে।