হলিউডৰ প্ৰবীণ অভিনেতা বাৰ্ট ইয়ঙৰ দেহাৱসান ঘটিছে । ‘ৰকি’ ছবিখনত অভিনেতা চিলভেষ্টাৰ ষ্টেলনৰ ভায়েকৰ চৰিত্ৰত অভিনয় কৰি বাৰ্টে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ৮ অক্টোবৰত লছ এঞ্জেলছত বাৰ্টৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। এই দুখৰ খবৰটো অভিনেতাজনৰ মৃত্যুৰ প্ৰায় দুসপ্তাহৰ পাছত বৃহস্পতিবাৰে প্ৰকাশ কৰে অভিনেতাগৰাকীৰ মেনেজাৰে।
সৰুতে আনুষ্ঠানিক স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত বাৰ্টে জনপ্ৰিয় পৰিচালক লি ষ্ট্ৰাছবাৰ্গৰ অধীনত অভিনয়ৰ প্ৰশিক্ষণ আৰম্ভ কৰে। পিছলৈ ১৯৫৭ চনত তেওঁ আমেৰিকাৰ নৌসেনাত যোগদান কৰে। ১৯৭০ চনত ‘কাৰ্নিভাল অৱ ব্লাড’ ছবিৰ জৰিয়তে বাৰ্টে চলচ্চিত্ৰত অভিষেক ঘটায়। অৱশ্যে ১৯৭৬ চনত মুক্তি পোৱা ‘ৰকি’ ছবিখনে নিশাটোৰ ভিতৰতে তেওঁক লাইমলাইটলৈ আনিছিল। বাৰ্টে ছবিখনত মদ্যপায়ী কসাই আৰু ষ্টেলনৰ ৰকি বালব’য়াৰ বন্ধু পলিৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ অস্কাৰৰ বাবে মনোনীত হৈছিল। বাৰ্টে ‘ৰকি’ৰ ছখন ছিকুৱেলত অভিনয় কৰিছিল।
বাৰ্টে দীৰ্ঘদিনীয়া কেৰিয়াৰত অসংখ্য ছবিত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ‘ৱান্স আপন এ টাইম ইন আমেৰিকা’, ‘চাইনা টাউন’, ‘উইন উইন’। কেৱল অভিনয়েই নহয়, জীৱনৰ পিছৰ কালছোৱাত চিত্ৰশিল্পী আৰু লেখক হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছিল।
বাৰ্ট ইয়ঙৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ষ্টেলনে ছ’চিয়েল মিডিয়াত প্ৰয়াত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। ইনষ্টাগ্ৰামত বাৰ্টৰ সৈতে এখন ফটো পোষ্ট কৰি তেওঁ লিখিছে, ‘মোৰ প্ৰিয় বন্ধু বাৰ্ট ইয়ং, আপুনি এজন আচৰিত ব্যক্তি আৰু শিল্পী। মই আৰু এই পৃথিৱীৰ মানুহে তোমাৰে অভাৱ বহুত অনুভৱ কৰিম।”