তুৰস্কত হোৱা ভূমিকম্পৰ পাছত ধ্বংসস্তুপৰ পৰা শ শ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ অভাৱ হৈছে মৃতদেহ পোতাৰ স্থান ৷ এখনৰ পাছত আন এখন স্থানত মৃতদেহ সমাধিস্থ কৰিবলৈ নির্ধাৰণ কৰা হৈছে যদিও পলকতে সেই স্থানসমূহো ভৰি পৰিছে মৃতদেহেৰে ৷
চৰকাৰী পৰিসংখ্যা অনুসৰি মৰাশ চহৰত এতিয়ালৈকে ৫ হাজাৰ মৃতদেহ সমাধিস্থ কৰা হৈছে। কিন্তু যি হাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে, সেই হাৰত দুগুণ মৃতদেহ সমাধিস্থ কৰিব লাগিব বুলি প্ৰশাসনে আশংকা কৰিছে।
যোৱা সোমবাৰে পুৱা তুৰস্ক আৰু ছিৰিয়াত হোৱা প্ৰচণ্ড ভূমিকম্পই জোকাৰি গৈছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। মূল ভূমিকম্পৰ পিছত অতি কমেও ১০০টা আফটাৰশ্বকে দুয়োখন দেশ কপাঁই যায় ৷ইতিমধ্যে তুৰস্ক, ছিৰিয়াৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩ হাজাৰ অতিক্ৰম কৰিছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।
২০২০ চনত সমগ্ৰ বিশ্বই ক’ভিড মহামাৰীৰ সৈতে পৰিচিত হৈছিল। একেৰাহে ডেৰ-দুবছৰ কোৰোনা ভাইৰাছৰ বলি হৈছিল লাখ লাখ লোক। তেতিয়াও শ্মশান আৰু কবৰস্থানত মৃতদেহৰ ভিৰ আছিল। ভূমিকম্পই তুৰস্কত সেই স্মৃতি ঘূৰাই আনিছে ৷