গৰু চুৰি ৰোধ কৰিবলৈ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে যদিও ৰাজ্যত গৰু চুৰিৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷গৰু চুৰিৰ সন্দেহত ৰাজ্যৰ দুটাকৈ স্থানত যোৱা নিশা উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷ চন্দ্ৰপুৰ আৰু নলবাৰীৰ দোকোহাত সংঘটিত হয় এই ঘটনা ৷
প্ৰাপ্ত তথ্য অনুসৰি গৰু চুৰি কৰিবলৈ আহি চন্দ্ৰপুৰত ৰাইজৰ ৰোষত পৰে গৰু চোৰ। হাতে-লোটে ধৰা পৰাৰ ভয়ত আধা ৰাস্তাতে বাহন এৰি গভাইত গৰু চোৰে পলায়ন কৰে ৷ উত্তেজিত ৰাইজে চোৰে এৰি থৈ যোৱা বাহনখনত অগ্নিসংযোগ কৰে ৷ মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰৰ বৰবিলাত এই ঘটনা সংঘটিত হৈছে ।
ঘটনাৰ দ্বিতীয় স্থান হৈছে নলবাৰীৰ দোকোহা। নলবাৰীৰ দোকোহাতো চন্দ্ৰপুৰৰ দৰে অনুৰূপ ঘটনা সংঘটিত হয়। পুৱতি নিশা গৰু চোৰৰ সন্দেহত সন্দেহত চাৰিজন লোকক গণ প্ৰহাৰ কৰে উত্তেজিত একাংশ স্থানীয় লোকে । মূৰ্মূৰ্ষ অৱস্থাত আৰক্ষীয়ে গণৰোষৰ বলি হোৱা ৪জন লোকক উদ্ধাৰ কৰে । উন্মত্ত একাংশ ৰাইজে এখন ছুইফট ডিজায়াৰ বাহন জ্বলাই দিয়ে । ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা আটাইকেইজন লোককে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে এজন কটপুহাৰ আৰু বাকী তিনিজন ৰাইমাধাৰ লোক বুলি জানিব পৰা গৈছে।