VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৮ জুলাইত কাজিৰঙাত বৰশী বোৱা প্ৰতিযোগিতা, গেলেকী মিকিৰ গাঁৱত বছৰজোৰা পৰ্যটনৰ আন এক প্ৰয়াস।

voicedesk by voicedesk
July 19, 2024
in মুখ্য সংবাদ
২৮ জুলাইত কাজিৰঙাত বৰশী বোৱা প্ৰতিযোগিতা, গেলেকী মিকিৰ গাঁৱত বছৰজোৰা পৰ্যটনৰ আন এক প্ৰয়াস।
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

গোটেই বছৰজুৰি অসমলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে কাজিৰঙাৰ গেলেকী মিকিৰ গাঁৱত এইবাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বৰশী বোৱা প্ৰতিযোগিতা। অহা ২৮ জুলাইত গেলেকী মিকিৰ গাঁৱৰ ‘ছেৰেনিটি পুখুৰী পাৰ’ নামৰ ফাৰ্ম এখনত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে ‘ছেৰেনটি পুখুৰী পাৰ’ত পৰ্যটক আৰু আগ্ৰহী সকলৰ বাবে প্ৰতি দিনাই বৰশী বোৱাৰ সুবিধা মুকলি কৰা হ’ব বুলি প্ৰতিযোগিতাখনৰ মূল আয়োজক অভিজিৎ গগৈয়ে জানিবলৈ দিয়ে।

 

এই প্ৰতিযোগিতাত নগদ ধনৰ পুৰস্কাৰৰ বিপৰীতে কেতবোৰ পেকেজ আগবঢ়োৱা হৈছে। সেই অনুসৰি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বিজয়ীয়ে কাজিৰঙাৰ বিলাসী হোটেলত পৰিয়াল সৈতে দুটা নিশা কটোৱাৰ সুযোগ লাভ কৰিব। লগতে সকলো খাদ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটা ছাফাৰী বিনামূলীয়াকৈ লাভ কৰিব। প্ৰতিযোগীৰ বৰশীত লগা মাছৰ ওজনৰ ওপৰত ভিত্তি কৰি মুঠ ১০টা পুৰস্কাৰ আগবঢ়োৱা হ’ব। আঘোণ হ’মষ্টে আৰু ছেৰেনিটি পুখুৰী পাৰৰ যৌথ উদ্যোগত আৰু স্থানীয় কেইবাগৰাকীও উদ্যমী ব্যক্তিৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

 

উল্লেখ্য যে আঘোণ হ’মষ্টেৰ উদ্যোগত কাজিৰঙাৰ গেলেকী মিকিৰ গাঁৱত বিগত ৫ মে’ৰ পৰা পৰ্যটকৰ বাবে ট্ৰেকিঙৰ সুবিধা আৰম্ভ কৰা হৈছিল। ইতিমধ্যে দেশ-বিদেশৰ বহু পৰ্যটকে এই ট্ৰেকিঙত অংশগ্ৰহণ কৰিছে। গাঁওখনৰ ট্ৰেকিঙৰ লগতে পক্ষী নিৰীক্ষণ আৰু বয়োজ্যেষ্ঠ লোক সকলৰ কাৰণে নেচাৰ ৱাকৰো সুবিধা আছে।

 

অভিজিৎ গগৈয়ে কয় যে কাজিৰঙালৈ প্ৰতি বছৰে কেইবা লাখ দেশী-বিদেশী পৰ্যটক আহে যদিও সেয়া বছৰৰ ছটা মাহৰ ভিতৰতে সীমাৱদ্ধ। আনহাতে জীপ আৰু হাতী ছাফাৰী তথা অৰ্কিড পাৰ্ক ফুৰিবলৈ যোৱাৰ বাহিৰে পৰ্যটকে কৰিব পৰা আন কোনো কাম নাই। গতিকে গৰিষ্ঠ সংখ্যক পৰ্যটকেই কাজিৰঙাত এটা বা দুটা ৰাতিহে কটাই। যাৰ ফলত যথেষ্ঠ সম্ভাৱনা থকা স্বত্বেও কাজিৰঙাৰ অধিকাংশ লোক তথা দৰিদ্ৰ লোকসকল পৰ্যটনৰ পৰা লাভাম্বিত হ’ব পৰা নাই। আনহাতে পৰ্যটন উদ্যোগটো মূলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেন্দ্ৰীক হৈ থকাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহনক্ষমতাৰ প্ৰতিও এটা সময়ত ভাবুকি আহি পৰিব। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত পৰ্যটকৰ বোজা হ্ৰাস কৰাৰ লগতে কাজিৰঙালৈ ফুৰিবলৈ অহা লোকে অন্তত ৩ বা ৪ দিন কটাব পৰাকৈ গোটেই বছৰজুৰি পৰ্যটকৰ বাবে কিবা মনোৰঞ্জন আৰু অভিজ্ঞতা আহৰণৰ ব্যৱস্থা কৰিলে পৰ্যটন উদ্যোগৰ পৰা কাজিৰঙাৰ যথেষ্ঠ পৰিমাণে উপকৃত হ’ব। ট্ৰেকিং, পক্ষী নিৰীক্ষণ, বয়োজ্যেষ্ঠ লোক সকলৰ বাবে নেচাৰ ৱাক আৰু শেহতীয়া ভাৱে ছেৰেনিটি পুখুৰী পাৰত গোটেই বছৰজুৰি বৰশী বোৱাৰ সুবিধাৰ ফলত কাজিৰঙালৈ ফুৰিবলৈ অহা পৰ্যটক সকলৰ বাবে আন এটা আকৰ্ষণ বৃদ্ধি পাব। অহা ২৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন ২৫ জুলাই। আগ্ৰহী সকলে www.aaghun.com ৱেবছাইটত প্ৰতিযোগিতাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাৰ লগে লগে কাজিৰঙাত এখন বছৰজোৰা বৰশী বোৱা টূৰ্ণামোন্টৰো শুভাৰম্ভ কৰা হ’ব। ২০২৫ বৰ্ষৰ জুলাই মাহৰ তৃতীয় দেওবাৰলৈ এই টূৰ্ণামেন্ট অব্যাহত থাকিব। আগ্ৰহী সকলে নিজৰ সুবিধা মতে পঞ্জীয়ন কৰি বছৰৰ যিকোনো এটা দিনত আহি বৰশী বাই এই টূৰ্ণামেন্টত অংশগ্ৰহণ কৰিব পাৰিব। এবাৰ পঞ্জীয়ন কৰি গোটেই বছৰটোত তেঁও নিজ ইচ্ছামতে যিমান বাৰ ইচ্ছা কৰে বৰশী বাব পাৰিব। প্ৰতি বাৰতে তেঁও নতুনকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। মাথো ‘ছেৰেনিটি পুখুৰী পাৰ’ত বৰশী বোৱাৰ যি নিৰ্ধাৰত মূল্য সেয়া আদায় দিব লাগিব। বছটোত বৰশীত লগা আটাইতকৈ ডাঙৰ মাছটোৰ ওজনৰ ওপৰত ভিত্তি কৰি ৫ গৰাকী প্ৰতিযোগীকক বিশেষ আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়োৱা হব। ইয়াৰ মাজত বিদেশ ভ্ৰমণৰো সুবিধা থাকিব। অংশগ্ৰহণকাৰী সকলে অনলাইনযোগে প্ৰতি দিনাই ফলাফলৰ আপডেট লাভ কৰিব। ২৮ জুলাইত অনুষ্ঠিত হবলগীয়া প্ৰথম কাজিৰঙা বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলে এই টূৰ্ণামেন্টত বিনামূলীয়াকৈ পঞ্জীয়নৰ সুবিধা লাভ কৰিব।

Previous Post

নতুন ফ্লেট কিনিব বিচাৰিছে নেকি ? ৫টা দিশ আগতীয়াকৈ বিবেচনা নকৰিলে পিছত আক্ষেপ কৰিব আপুনি ?

Next Post

‘হিমবাহ’ হ্ৰদৰ আকাৰ বৃদ্ধিয়ে সৃষ্টি কৰিছে উদ্বেগ ,ছিকিমত আৰম্ভ জৰীপ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
‘হিমবাহ’ হ্ৰদৰ আকাৰ বৃদ্ধিয়ে সৃষ্টি কৰিছে উদ্বেগ ,ছিকিমত  আৰম্ভ জৰীপ

‘হিমবাহ’ হ্ৰদৰ আকাৰ বৃদ্ধিয়ে সৃষ্টি কৰিছে উদ্বেগ ,ছিকিমত আৰম্ভ জৰীপ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7