পহিলা জানুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাজপথত আৰু নেদেখিব চিনাকি ৰঙা বাছ ৷ মহানগৰীৰ ৰাজপথত ৰঙা বাছৰ সলনি চলিব সেউজীয়া বাছ ৷ এই সেউজীয়া বাছসমূহ হ’ব সম্পূৰ্ণৰূপে বৈদ্যুতিক ৷ মহানগৰীত প্ৰদূষণ ৰোধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক পৰিবহন নিগমে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বেও গুৱাহাটীত ৰাজ্যিক পৰিবহণ নিগমে কেইবা শতাধিক বাছ ক্ৰয় কৰিছিল ৷ কিন্তু কিছুদিন চলাৰ পাছত বাছসমূহ বিকল হৈ পৰে আৰু ৱর্কশ্বপত দীর্ঘদিন ৰখাই থোৱা হয় ৷ যাৰ বাবে ৰাজ্য চৰকাৰ বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ৷ আনকি কোটি কোটি টকা লোকচানত চলি আছে পৰিবহন নিগম ৷ ইয়াৰ পাছতো নতুনকৈ পুনৰ ২০০ খন নতুনকৈ বাছ ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তই ৰহস্যৰ সৃষ্টি কৰিছে ৷
৷