পৰকীয়া প্ৰেমৰ বাবে বহুতৰে সংসাৰ ধ্বংস হয় শেহতীয়াকৈ চীনৰ এটা ব্যক্তিগত কোম্পানীয়ে কৰ্মচাৰীৰ বাবে এক বিশেষ নির্দেশনা জাৰি কৰিছে ৷ প্ৰতিষ্ঠানটোৰ কোনো কর্মচাৰী লিপ্ত হ’ব নোৱাৰিব পৰকীয়া প্ৰেমে ৷ যদিহে পৰকীয়া প্ৰেমত লিপ্ত থাকে তেনেহ’লে হেৰুৱাব লাগিব চাকৰি ৷ কোম্পানীটোৰ মতে, কৰ্পৰেট সংস্কৃতিত পৰিয়ালৰ প্ৰতি দায়বদ্ধ হ’ব লাগে। সেই ক্ষেত্ৰত কোম্পানীটোৱে বিশ্বাস কৰে যে কৰ্মক্ষেত্ৰৰ লগতে পৰিয়ালতো এক সুস্থ পৰিৱেশ বজাই ৰখা উচিত ৷ অৱশ্যে সংগঠনটোৰ এই সিদ্ধান্তক লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে। বহুতে ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰাৰ অভিযোগ দাখিল কৰিছে।
চীনৰ ঝেজিয়াং প্ৰদেশৰ এটা বেচৰকাৰী সংস্থাই যোৱা ৯ জুনত এক নিৰ্দেশ জাৰি কৰি কয় যে তাত কাম কৰা কোনো কর্মচাৰীয়ে বিবাহ বহিৰ্ভূত সম্পর্কত লিপ্ত হ’ব নোৱাৰিব। চীনৰ জনপ্ৰিয় দৈনিক ‘চাউথ চাইনা মৰ্নিং পোষ্ট’ই ছ’চিয়েল মিডিয়াত বিয়পি পৰা এটা বাৰ্তাৰ উদ্ধৃতি দি কয় যে সংগঠনটোৰ ভিতৰতে এই নিয়মক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। সংস্থাটোৱে কৰ্মচাৰীসকলক চাৰিটা বিষয়ত লিপ্ত নহ’বলৈ ‘পৰামৰ্শ’ দিছে। ব্যভিচাৰ কৰিব নোৱাৰিব, উপপত্নী থাকিব নোৱাৰিব, বিবাহ বহিৰ্ভৰ্তি সম্পর্ক গঢ়ি তুলিব নোৱাৰিব আৰু নিজৰ পত্নীক বিবাহ বিচ্ছেদ কৰিব নোৱাৰিব ৷
কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত চীনৰ এটা সংবাদ সংস্থাক জনাইছে যে যদি পৰিয়ালত শান্তি আৰু স্থিতিশীলতা থাকে তেন্তে কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰতিফলন ঘটিব। গতিকে কোম্পানীটোৱে বিচাৰে যে তেওঁলোকৰ সকলো কৰ্মচাৰীয়ে নিজৰ পৰিয়ালৰ সৈতে সুখী হওক। যদিও কিছুমানে এই নিৰ্দেশনাৰ বিৰুদ্ধে যুক্তি আগবঢ়ায়, তথাপিও চীনৰ শ্ৰম আইনত ছুটীৰ চৰ্তৰ ভিতৰত পৰকীয়া প্ৰেম অন্তৰ্ভুক্ত কৰা হোৱা নাই। গতিকে তেওঁলোকে এই নিৰ্দেশনা শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। কোম্পানীটোৰ কৰ্মচাৰীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।