ঠিকাভিত্তিক শিক্ষক সকলৰ মান নিৰূপণৰ বাবে চৰকাৰে মুকলি কৰা তিনিটা এপ’ৰ বিৰোধীতাৰে গোৱালপাৰা জিলা ঠিকাভিত্তিক শিক্ষক সমাজে আজি দুধনৈত এখন সভাৰ জৰিয়তে চৰকাৰে তিনিওটা এপ’ বন্ধ কৰাৰ বাবে মুকলি আহ্বান জনায়৷
গোৱালপাৰা জিলা সমিতিৰ পৰা এটা কথা স্পস্টভাৱে উল্লেখ কৰা হয় যে যেতিয়ালৈকে অসম চৰকাৰে শিক্ষকৰ মান নিৰূপণকাৰী এই এপবোৰ বন্ধ নকৰে অথবা এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে জিলাখনত ঠিকাভিত্তিক হিচাপে নিয়োজিত শিক্ষকসকলৰ যিসকলে প্ৰধান শিক্ষক, চি.আ:ৰ.চি.চি. আৰু বি. আৰ. পি. হিচাপে নিয়োজিত হৈ আছে সকলোৱে সাময়িকভাৱে তেওঁলোকৰ কামৰ পৰা আঁতৰি আহিব। বৰ্তমান অসমত ঠিকাভিত্তিক হিচাপে শিক্ষা কাৰ্যত নিয়োজিত প্ৰতিজন শিক্ষকে শিক্ষকৰ যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে শিক্ষকৰ বাবে যোগ্যতা নিৰূপণকাৰী পাঠদানো দক্ষতাৰে সম্পূৰ্ণ কৰিছে।
এই শিক্ষকসকলক চৰকাৰে অনতিপলমে বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰণ কৰিব লাগে বুলি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক মিৰাজুল ৰছিদে বক্তব্য ৰাখে। সভাত বাৰ্ষিক মান নিৰূপণকাৰী এই এপৰ জৰিয়তে শিক্ষক সমাজক অপমানিত কৰিব বিচৰা এনে ধৰণৰ চৰকাৰী ষড়যন্ত্ৰক আজি সভাত একেমুখে উপস্থিত আটায়ে গৰিহণা দিয়ে আৰু শিক্ষকৰ আত্মসন্মানত আঘাত সানিব পৰা এনেধৰণৰ যিকোনো কামৰ পৰা আঁতৰত থাকিবলৈ চৰকাৰক সকিয়াই দিয়ে।
গোৱলপাৰা জিলা ঠিকাভিত্তিক টেট শিক্ষক সমাজৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ চাৰিটা শিক্ষা খণ্ড ক্ৰমে দুধনৈ, ৰংজুলি, বালিজানা আৰু জলেশ্বৰ শিক্ষাখণ্ডৰ পৰা পাঁচশৰো অধিক টেট শিক্ষক শিক্ষয়ত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰি চৰকাৰৰ এই সিদ্ধান্ত সলনি কৰিবলৈ অনুৰোধ জনায়৷ যদিহে এই সিদ্ধান্ত সলনি নকৰে তেতিয়া গোৱালপাৰা জিলা ঠিকাভিত্তিক শিক্ষক সমাজে গণতান্ত্ৰিক ভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব৷