নতুন পেঞ্চন আঁচনি (NPS) বাতিল কৰি পুৰণি পেঞ্চন আঁচনি (OPS) পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত ৰাজ্য চৰকাৰী কৰ্মচাৰী, ৰে’ল সহ কেন্দ্ৰীয় কৰ্মচাৰী আৰু বেংক ,বীমাকে ধৰি ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী সকলে কেইবাটাও পৰ্যায়ত আন্দোলন কৰাৰ পিছতো কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে ৷ অনন্ত কালৰ বাবে নতুন পেঞ্চন আঁচনিকে বাহাল ৰখাৰ বাবে চৰকাৰে আকোৰগোজ মনোভাব লৈ থকাটো অতি পৰিতাপৰ বিষয় । সেয়েহে অসমৰ ৰাজ্য চৰকাৰৰ শিক্ষক-কৰ্মচাৰী, ৰে’ল সহ কেন্দ্ৰীয় কৰ্মচাৰী আৰু বিভিন্ন ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী সকলে যৌথভাবে এলানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ পৰিকল্পনাৰে অহা ২৭ নৱেম্বৰত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এখন বিশেষ অভিৱৰ্তনৰ আয়োজন কৰিছে। এই অভিৱৰ্তনলৈ বিশিষ্ট বুদ্ধিজীবী, জ্যেষ্ঠ সাংবাদিকৰ উপৰিও ভাৰতীয় জনতা পার্টী, অসম গণ পৰিষদ, কংগ্ৰেছ, এই আই ইউ ডি এফ, চি পি এম, ৰাইজৰ দল আদি ৰাজ্য খনৰ সকলো ৰাজনৈতিক দলৰ সভাপতি সকল, সাংসদ গৌৰৱ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, নব শৰনীয়া, বিধায়ক অখিল গগৈকে প্ৰমুখ্যে কৰি ৰাজনৈতিক নেতা সকলক আমন্ত্ৰণ জনোৱা হৈছে।
অভিবৰ্তনত ডিব্ৰুগড় বিশ্বাবিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অলক বুঢ়াগোঁহাই, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা দৈনিক অসম কাকতৰ সম্পাদক ডঃ হিতেশ ডেকা, অধ্যাপক ডঃ অখিল ৰঞ্জণ দত্ত, সাংসদ অজিত ভূঞা, বিধায়ক মনোৰঞ্জন তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন, প্ৰাক্তন শ্ৰমিক নেতা শতঞ্জীৱ দাস, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, প্ৰাক্তন বিধায়ক মামুদ ইমদাদুল হ’ক চৌধুৰী আদিৰ অংশগ্ৰহণ নিশ্চিত কৰিছে।
এই অভিৱৰ্তনৰ পৰামৰ্শৰ ভিত্তিতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে ও পি এছ পুন;প্ৰতিষ্ঠা সংগ্ৰাম তীব্ৰ্তৰ কৰা হ’ব। অসমৰ ৰাজ্য চৰকাৰৰ শিক্ষক-কৰ্মচাৰী, ৰে’ল, ডাক সহ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংস্থা/ সংঘৰ আহ্বানত হ’বলগীয়া এই অভিৱৰ্তনে শিক্ষক-কৰ্মচাৰীৰ সংগ্ৰামত নতুন সংযোজন হিচাপে বিবেচিত হ’ব।