কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। দেশৰ আন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ চাৰিট সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ গুৱাহাটী,কোকৰাঝাৰ,ধুবুৰী আৰু বৰপেটা সমষ্টিত অনুষ্ঠিত হ’ব অন্তিম পর্যায়ৰ ভোটগ্ৰহণ ৷ কাইলৈ এই সমষ্টিসমূহত ভোটগ্ৰহণ উপলক্ষে ৰাজ্য চৰকাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে ৷ লোকসভা সমষ্টিকেইটাৰ অধীনস্থ অঞ্চলসমূহত এই স্থানীয় বন্ধ কার্যকৰী হ’ব ৷
অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হব লগা এই নিৰ্বাচনত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। য’ত ফনীভূষণ চৌধুৰী, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন,মীৰা বৰঠাকুৰ, বিজুলী কলিতা মেধি,জয়ন্ত বসুমতাৰী, খাম্ফা বৰগয়াৰীৰ দৰে হেভীৱেইট প্ৰার্থীৰ ভাগ্য নির্ণয় হ’ব ৷