চলিত বৰ্ষৰ দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ৭৫ হাজাৰ যুৱকক চাকৰি “উপহাৰ” হিচাপে প্ৰদান কৰিব। দীপাৱলীৰ দুদিন পূৰ্বে অহা ২২ অক্টোবৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে চাকৰি প্ৰদান কৰিবলগীয়া যুৱক-যুৱতীসকলৰ সৈতে প্ৰধানমন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰিব ৷বিভিন্ন মন্ত্ৰালয় আৰু চৰকাৰী বিভাগত চাকৰিৰ বাবে ৭৫ হাজাৰ যুৱকক এই নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।
প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয়, ডাক বিভাগ, গৃহ মন্ত্ৰালয়, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ, কেন্দ্ৰীয় তদন্ত ব্যুৰো, শুল্ক, আৰু বেংকিং আদিত চাকৰি প্ৰদান কৰা হ’ব।
দেশৰ বিভিন্ন চহৰৰ পৰাও কেন্দ্ৰীয় মন্ত্ৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ওড়িশাৰ পৰা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, গুজৰাটৰ পৰা স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডভিয়া, চণ্ডীগড়ৰ পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ, মহাৰাষ্ট্ৰৰ পৰা বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল, ৰাজস্থানৰ পৰা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, তামিলনাডুৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, উত্তৰ প্ৰদেশৰ গধুৰ উদ্যোগ মন্ত্ৰীয়ে মহেন্দ্ৰ পাণ্ডে, ঝাৰখণ্ডৰ পৰা জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বিহাৰৰ পৰা পঞ্চায়তী মন্ত্ৰী গিৰিৰাজ সিঙে এই কার্যসূচীত যোগদান কৰিব ৷ বিভিন্ন চহৰৰ পৰা আন মন্ত্ৰীসকলেও যোগদান কৰিব।
সকলো সাংসদে নিজৰ সংসদীয় সমষ্টিৰ পৰা এই কাৰ্যসূচীত যোগদান কৰিব। চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰিছিল যে অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত দহ লাখ চাকৰি সৃষ্টি কৰা হ’ব ৷