‘চিম্বা’ নামৰ বলিউডৰ জনপ্ৰিয় ছবিখনৰ নাম আপুনি নিশ্চয় শুনিছে ৷ মুক্তিৰ লগে লগে দর্শকে আঁকোৱালি লৈছিল এই ছবিখন ৷ কিন্তু পাকিস্তানত এইবাৰ সংবাদ শিৰোনাম দখল কৰিছে চিম্বা নামৰ এটা ছাগলীয়েহে ৷ কি কাৰণত চিম্বা নামৰ ছাগলীটোৰ প্ৰতি সকলো লোক উৎসাহিত হৈ পৰিছে সেই কথা জানিলে আপুনিও হৈ পৰিব আচৰিত ৷ পাকিস্তানত সকলোৰে মুখে মুখে চর্চা লাভ কৰা এই ছাগলীটোৰ কাণ দুখন হৈছে অত্যাধিক দীঘল ৷ খোজ কাঢ়ি গ’লে মাটি স্পর্শ কৰা ছাগলীটোৰ গৰাকীৰ মতে চিম্বাৰ আছে বিশ্বৰ ভিতৰত ‘সৰ্বাধিক দীঘল কাণ’ ৷
ছাগলীটোৰ মালিক মহম্মদ হাছান নাৰেজোৱে কয় যে জুনত জন্ম লাভ কৰাৰ এমাহৰ ভিতৰতে ছাগলীটো ‘অতি’ জনপ্ৰিয় হৈ পৰিছিল।জন্মৰ ১০ৰ পৰা ১২ দিনৰ ভিতৰতে ছাগলীটোৰ বিষয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি পৰিৱেশিত হৈছিল ৷ । ৩০ দিনৰ ভিতৰতে চিম্বা ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে এজন বিখ্যাত ব্যক্তিত্বকো সেই স্তৰৰ খ্যাতি লাভ কৰিবলৈ ২৫ৰ পৰা ৩০ বছৰ সময় লাগিব পাৰে।’নাৰেজোৱে ‘চিম্বা’ নামেৰে নামাকৰণ কৰা ছাগলীটোৰ জন্ম কৰাচীত হৈছিল ৷ জন্মৰে পৰা ছাগলীটোৰ কাণ দুখন আকৰ্ষণীয়ভাৱে দীঘল আছিল।
সম্প্ৰতি ছাগলীটোৰ কাণ দুখনৰ দৈর্ঘ্য হৈছে ৫৪ চেণ্টিমিটাৰ ৷ কাণ দুখন ইমানেই দীঘল যে মালিকে চিম্বাৰ পিঠিৰ ওপৰেৰে ভাঁজ কৰি থব লগীয়া হয় যাতে নিজৰ কাণত ভৰি নপৰে ৷ নাৰেজোৱে কয় যে তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ সৈতেও যোগাযোগ কৰিছে ৷ কিন্তু বৰ্তমান সময়ত সংগঠনটোৰ ৱেবছাইটত ‘সৰ্বাধিক দীঘল কাণ থকা ছাগলী’ৰ শ্ৰেণীটো দেখা নাই ৷