বিশ্বৰ এনে এখন দেশ যি দেশৰ কথাই আচৰিত কৰিব সকলোকে। সমগ্ৰ বিশ্বৰ ভিতৰতে এখন শক্তিশালী তথা বৃহৎ পৰিসৰৰ দেশ । কিন্তু এই একেখন দেশতে সময়ৰ তাৰতম্য ভিন ভিন। জানিব পৰা মতে
দেশখনৰ এফালে যদি দিন তেন্তে আনফালে আকৌ ৰাতি । এইখন দেশত আছে ১১টা টাইম জ’ন ।
কেৱল এয়াই নহয়, ইয়াৰ আধা অংশত যদি দিন তেন্তে আধা অংশত আকৌ ৰাতি। বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ ৰাছিয়া য’ত কোনোবাই ইয়াত ৰাতিপুৱাৰ চাহ খাইছে, আন কোনোবাই আকৌ নিশাৰ আহাৰ গ্ৰহণ কৰিছে।
কিন্তু এইটো কেনেকৈ সম্ভৱ ?
আপুনি জানি আচৰিত হব যে ৰাছিয়াত একে সময়তে আধা অংশত দিন আৰু আধা অংশতৰাতি হয়।
প্ৰতিবেদন অনুসৰি ৰাছিয়াত মে’ৰ পৰা জুলাইলৈকে প্ৰায় ৭৬ দিন এই প্ৰক্ৰিয়া অব্যাহত থাকে। সেইবাবেই ৰাছিয়াক ‘মাজনিশাৰ সূৰ্য্যৰ দেশ’ বুলিও কোৱা হয়।
এই দেশৰ আমোদজনক কথা হ’ল পুৰুষতকৈ ইয়াত মহিলাৰ সংখ্যা বেছি। অৰ্থাৎ ইয়াত নাৰীৰ আধিপত্য বেছি। এটা সময় আছিল যেতিয়া ইয়াত পুৰুষে দাড়ি ৰাখিব পৰা নাছিল।
নিয়ম ভংগ কৰিলেই এক গধুৰ কৰ আৰোপ কৰা হৈছিল।
আনহাতে এই দেশত অত্যধিক পৰিমাণে মদ্যপান কৰা হয়। এইখনেই হৈছে বিশ্বৰ একমাত্ৰ দেশ য’ত প্ৰতি বছৰে মদ্যপানৰ বাবে ৫ লাখ লোকৰ মৃত্যু হয়।