লোকসভা নিৰ্বাচনৰ মাজতে সংসদ চৌহদৰ নিৰাপত্তাৰ দায়িত্ব চি আই এছ এফৰ হাতত গতাই দিয়া হৈছে। দেশৰ সকলো বিমানবন্দৰৰ পৰা জটিল আন্তঃগাঁথনিৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী বা চিআইএছএফৰ। সংসদৰ নিৰাপত্তা এই কেন্দ্ৰীয় বাহিনীৰ হাতত গতাই দিয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে সাংসদসকলৰ মাজত।
এতিয়ালৈকে সংসদ ভৱনৰ ভিতৰৰ নিৰাপত্তাৰ দায়িত্বত আছিল সংসদ নিৰাপত্তা সেৱা বা পি এছ এছ আৰু দিল্লী আৰক্ষী। ১৯৫০ চনৰ পৰা এই বাহিনীয়ে সংসদৰ নিৰাপত্তাৰ দায়িত্বত আছে। তাৰ আগতে এই বাহিনীটোৰ নাম আছিল ‘ৱাটচ্ এণ্ড ৱাৰ্ড ষ্টাফ’।
ব্ৰিটিছৰ দিনত ভগত সিঙে কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰাৰ পাছত ‘ৱাটচ্ এণ্ড ৱাৰ্ড ষ্টাফ’ নিয়োগ কৰা হৈছিল ৷ পিছত নামটো সলনি কৰি পিএছএছ কৰা হ’ল। ইমান দিন দায়িত্বত থকাৰ বাবে পি এছ এছৰ কৰ্মীসকলে সকলো সাংসদকে চিনি পাইছিল। নিৰাপত্তাৰ নামত কোনো লোক হাৰাশাস্তিৰ সন্মুখীন হোৱা নাছিল । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সেই বাহিনীটো চিআইএছএফৰ লগত ৰখা হ’ব নে নহয়? চৰকাৰী সূত্ৰ অনুসৰি এতিয়া সংসদ চৌহদৰ নিৰাপত্তাৰ দায়িত্বত আছে ১৪০০ চি আৰ পি জোৱান। তেওঁলোকৰ ঠাইত প্ৰায় ৩৩০০ চিআইএছএফৰ জোৱানক নিযুক্তি দিয়া হৈছে।
যোৱা ডিচেম্বৰ মাহত ৰঙীন গেছৰ কেনিষ্টাৰ কঢ়িয়াই অনা দুজন যুৱক গেলেৰীৰ পৰা লোকসভাত জপিয়াই পৰে। ইয়াৰ পিছত সংসদৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকতীয়া কৰা হয় ৷
সূত্ৰটোৰ মতে, ইয়াৰ পিছত চি আৰ পি এফৰ সলনি চি আই এছ এফ নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়। কালিৰে পৰা চিআইএছএফ বাহিনী মোতায়েন কৰা হৈছে। ডি এম কেৰ সাংসদ তিৰুচি শিৱই কয় যে কালি তেওঁ সংসদত কমেও তিনিবাৰ পৰিচয় পত্ৰ দেখুৱাব লগা হৈছিল।