টুইটাৰ ব্যৱহাৰকাৰীয়েও এইবাৰ ভিডিঅ’ কল কৰিব পাৰিব। আনকি ফেচবুকৰ দৰে এই ছ’চিয়েল মিডিয়াতো ব্যক্তিগত বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে প্ৰকাশ কৰা অুসৰি পৰিৱৰ্তিত টুইটাৰত নতুন নতুন বৈশিষ্ট্য অন্তর্ভুক্ত হৈ আছে ৷
মঙলবাৰে টুইটাৰৰ চিইঅ’ মাস্কে এটা টুইটত কয় যে অতি সোনকালে গ্ৰাহকে টুইটাৰৰ জৰিয়তে ভইচ কল আৰু ভিডিঅ’ কল কৰিব পাৰিব। ফলত কাকো ফোন নম্বৰটো নিদিয়াকৈ পৃথিৱীৰ যিকোনো ঠাইতে ভিডিঅ’ আৰু ভইচ কল কৰিব পৰা যাব। মাস্কে লগতে কয় যে এতিয়াৰ পৰা টুইটাৰ ব্যৱহাৰকাৰীসকলে ব্যক্তিগত বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। হোৱাটছএপৰ দৰে টুইটাৰতো দুজন ব্যৱহাৰকাৰীৰ মাজত ‘এনক্ৰিপ্ট’ কৰা কথা-বতৰা হ’ব, অৰ্থাৎ চিম্বলিক ক’ডৰ জৰিয়তে তথ্য সম্পূৰ্ণৰূপে লুকুৱাই ৰখা হ’ব। বাৰ্তা বিনিময় কৰা দুজন মানুহৰ বাহিৰে আন কোনোৱেই বাৰ্তাটোৰ ডিচিফাৰ কৰিব নোৱাৰে।
টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পিছত মাস্কে ঘোষণা কৰে যে তেওঁ মেছেজিং চাইটটো ‘ৰাজহুৱা’ কৰি তুলিব। লগতে টুইটাৰৰ মনোভাৱ আৰু ব্যৱহাৰৰ বহু পৰিৱৰ্তন হ’ব বুলিও তেওঁ কয়। টুইটাৰৰ এক সূত্ৰৰ মতে, যদি কোনো গ্ৰাহকে ৩০ দিনত এবাৰো টুইটাৰ ব্যৱহাৰ নকৰে তেন্তে একাউণ্টটো ‘নিষ্ক্ৰিয়’ হ’ব।