ফ্ৰান্সৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি মঙলবাৰে ‘অৰিয়েণ্টেচন অধিবেশন’ৰ বাবে সংসদত উপস্থিত হয় বাওঁপন্থী নিউ পপুলাৰ ফ্ৰণ্টৰ সদস্যসকলে। ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰান্সোৱা অলাণ্ডে পুনৰ সংসদলৈ উভতি আহে। আজিৰ দিনটোৰ আলোচনাত বাৰে বাৰে পাৰস্পৰিক বুজাবুজি আৰু মিত্ৰতা গঠনৰ বিষয়টো উত্থাপন হয়।
ফ্ৰান্সৰ সংসদৰ নিম্ন সদনত ৫৭৭খন আসন আছে। ইয়াৰ ভিতৰত নিউ পপুলাৰ ফ্ৰণ্টে ১৮২খন আসন লাভ কৰে। আন বাওঁপন্থী দলসমূহৰ ১২খন আসন লাভ কৰিছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ দলে ১৬৮ খন আসনত জয়লাভ কৰে। মেৰিন লে পেনৰ নেচনেল ৰেলীয়ে ১৪৩খন আসন লাভ কৰে। নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা পাবলৈ কমেও ২৮৯ টা জয় কৰিব লাগিব, যিটো কোনো দলৰ নাই।
এতিয়া ফ্ৰান্সত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল প্ৰধানমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হ’ব সেইটো নিৰ্ণয় কৰা। কিন্তু নিউ পপুলাৰ ফ্ৰণ্টৰ গ্ৰীণ পাৰ্টি, ছ’চিয়েলিষ্ট পাৰ্টি, কমিউনিষ্ট আৰু সুদূৰ বাওঁপন্থী ফ্ৰান্স আনবাউণ্ড (এল এফ আই)ৰ সদস্যসকলে এতিয়াও এই বিষয়ে আলোচনা কৰি আছে। অৱশ্যে এই সপ্তাহৰ শেষলৈকে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে কোনোবা এজনৰ নাম নিশ্চিত কৰা হ’ব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। ছ’চিয়েলিষ্ট পাৰ্টিৰ অলিভিয়াৰ ফ’ৰে দাবী কৰিছে যে তেওঁ প্ৰাৰ্থী হ’বলৈ গৈ আছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী গেব্ৰিয়েল অটলে পদত্যাগ পত্ৰ দাখিল কৰিছিল যদিও মেক্ৰনে গ্ৰহণ কৰা নাছিল।
ইফালে ফ্ৰান্সৰ ৰিপাব্লিকান পাৰ্টিৰ নেতা এৰিক চিঅ’টিয়ে মঙলবাৰে পুনৰ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ দলটোৱে মেৰিনৰ সৈতে মিত্ৰতা গঢ়ি তুলিব লাগে। কিন্তু তেওঁৰ দলৰ নেতাসকলে এই মন্তব্য নাকচ কৰি কয় যে তেওঁ কেৱল নিজৰ কথাহে কৈছে আৰু দলটোৱেও সন্মতি নিদিয়ে।
কিন্তু বিশেষজ্ঞসকলৰ মতে খৰখেদাকৈ ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰি মেক্ৰন এতিয়া বিপদত পৰিছে । বাওঁপন্থীৰ সৈতে হাত মিলাই নতুন চৰকাৰ গঠন কৰাৰ বাহিৰে তেওঁৰ হাতত আন উপায় নাই। যাৰ প্ৰভাৱ পৰিব ২০২৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত।