ভাৰতৰ ধনী ব্যৱসায়ী তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ১৯ বছৰীয়া যুৱকক। যুৱকজনৰ নাম গণেশ ৰমেশ বনপৰ্ধি ৷ তেওঁ তেলেংগানাৰ বাসিন্দা। শনিবাৰে পুৱা মুম্বাইৰ গামদেৱী থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁৱেই অম্বানীক বাৰে বাৰে ইমেইল কৰি ধন দাবী কৰিছিল ৷
আৰক্ষীয়ে জনোৱা মতে, সাদাব খান নামৰ এজন লোকে আম্বানীৰ কোম্পানীলৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল। ইমেইলৰ আই পি ঠিকনা চিনাক্ত কৰি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । মুম্বাই আৰক্ষীয়ে দাবী কৰে যে তেওঁলোকে বিশ্বাস কৰে যে দুই এজন যুৱকে আম্বানীক ভাবুকি দি ধন সংগ্ৰহৰ চেষ্টা চলাইছে। ইয়াৰ লগত একাধিক লোক জড়িত হৈ আছে। ধৃত যুৱকজনক অহা ৮ নৱেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
২৭ অক্টোবৰত আম্বানীয়ে হত্যাৰ ভাবুকি দিয়া প্ৰথম মেইল লাভ কৰিছিল। ইমেইলটো আম্বানীৰ কোম্পানীলৈ অচিনাকি একাউণ্টৰ পৰা আহিছিল। সেই ইমেইলত ২০ কোটি টকাৰ দাবী উত্থাপন হৈছিল। ইমেইলটোত কোৱা হৈছে যে যদি এই ধন নিদিয়ে তেন্তে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষক হত্যা কৰা হ’ব। ইমেইল বাৰ্তা অনুসৰি, “যদি মই টকা নাপাওঁ মই আপোনাক হত্যা কৰিম। আমাৰ হাতত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে।”
ইয়াৰ পিছত এন্টিলিয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াজনে থানাত এজাহাৰ দাখিল কৰে। প্ৰথমটো ভাবুকি মেইলৰ ২৪ ঘন্টাৰ ভিতৰত ২০০ কোটি টকা দাবী কৰি আন এটা ইমেইল প্ৰেৰণ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি ইমেইলটোত কোৱা হৈছে, “পূৰ্বতে প্ৰেৰণ কৰা ইমেইলৰ কোনো উত্তৰ নাই। গতিকে এইবাৰ টকাৰ পৰিমাণ ২০ কোটিৰ পৰা ২০০ কোটিলৈ বৃদ্ধি কৰা হৈছে। যদি এই ধন পোৱা নাযায় তেন্তে মুকেশ আম্বানীৰ মৃত্যু নিশ্চিত।” অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ৩০ অক্টোবৰত তৃতীয়টো ইমেইল লাভ কৰিছিল আম্বানীয়ে। এইবাৰ ৪০০ কোটি টকাৰ দাবী।