ৰাজ্যৰ আগন্তুক ৰাজ্যসভা নির্বাচনৰ বাবে আজি তিনিগৰাকী প্ৰার্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰার্থী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ লগতে কংগ্ৰেছৰ মনোনীত প্ৰার্থী ৰিপুন বৰাই দাখিল কৰে মনোনয়ন পত্ৰ ৷ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীদ্বয় পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। মনোনয়ন দাখিলৰ পাছতে ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় –‘ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ নিশ্চিতকৰণৰ লগতে সৰ্বাংগীণ উন্নয়ন সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে উচ্চ সদনত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ আশা-আকাংক্ষাক সবলভাৱে প্ৰতিনিধিত্ব কৰিব বুলি মই দৃঢ় বিশ্বাসী ।“দুয়োগৰাকী মনোনীত প্ৰাৰ্থীৰ মনোনয়ন দাখিলত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োকে ধৰি মন্ত্ৰী, বিধায়ক আৰু সাংসদসকল উপস্থিত থাকে। ইপিনে কংগ্ৰেছৰ মনোনীত প্ৰার্থী ৰিপুন বৰাই মনোনয়ন দাখিলৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷