ধুবুৰী আৰক্ষীৰ জালত পৰিছে বেংক হেকাৰ তিনি যুৱক। প্ৰবঞ্চনাৰে লুণ্ঠন কৰা ধনৰে বিলাস ভ্ৰমণ কৰিছিল ধৃত তিনি যুৱক। ধুবুৰীৰ এজন ব্যৱসায়ীৰ একাউণ্ট হেক কৰি লুণ্ঠন কৰা ধনেৰে বিমানৰ টিকট ক্ৰয় কৰি ঘূৰি ফুৰিছিল বিভিন্ন ঠাইত। ধুবুৰীৰ ভুক্তভোগী শুভম প্ৰসাদৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ৩৭৬/২৩ নম্বৰত ৰুজু কৰে এটা গোচৰ। গোচৰ পঞ্জীয়ন কৰিয়েই ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ।
যোৱা নিশা গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আটক কৰা হয় চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত ঢেকীয়াজুলিৰ সন্দিপ পাৰিক, ইবন আলম খান আৰু ওদালগুৰিৰ অমৰজিৎ মদক।
প্ৰায় ২৬ হাজাৰ টকা একাউণ্টৰ পৰা সৰকাই বিমানৰ টিকট ক্ৰয় কৰি পাটনালৈ ফুৰিব গৈছিল এই তিনি অভিযুক্ত যুৱক। পাটনাৰ পৰা উভতি অহাৰ পথত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰাই ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই তিনি যুৱকক। ধৃত তিনি অভিযুক্ত যুৱকৰ পৰা দুটাকৈ লেপটপ আৰু তিনিটাকৈ মোবাইল ফোন জব্দ কৰিছে ।
উল্লেখযোগ্য যে, ধৃত তিনিওজন যুৱক অভিজাত ঘৰৰ সন্তান । দীৰ্ঘদিন ধৰি তিনিও যুৱকে হেক কৰি লাভ কৰা ধনেৰে বিমান ভ্ৰমণ কৰাৰ লগতে বিলাসী সামগ্ৰী ক্ৰয় কৰিছিল ।