শিল্প, সমাজকৰ্ম, জনসংযোগৰ ক্ষেত্ৰত নিজ নিজ অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰতিবছৰেই দেশৰ বহু ব্যক্তিলৈ আগবঢ়োৱা হয় ‘পদ্ম’ সন্মান ৷ এইবাৰ দেশৰ এই সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হ’ব অসমৰ তিনিজনকৈ বিশিষ্ট ব্যক্তিক ৷ শিল্প কৰ্মৰ যোগেৰে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ হেমপ্ৰভা চুতীয়া আৰু আন এগৰাকী শিল্পী হেমচন্দ্ৰ গোস্বামী আৰু সমাজ সেৱাৰ ক্ষেত্ৰত ৰামকুইৱাংগবে জেনেলৈ আগবঢ়োৱা হৈছে দেশৰ এই উচ্চ অসামৰিক সন্মান ।
এই বৰ্ষত পদ্ম বঁটা লাভ কৰা মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত ১৯ গৰাকী মহিলা, দুগৰাকী বিদেশী/এনআৰআই/পিআইঅ/অ’চিআই শিতানৰ আৰু ৭গৰাকীয়ে মৰণোত্তৰভাৱে লাভ কৰিছে এই সন্মান ।শিল্প, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা ইত্যাদি বিভিন্ন শাখাত প্ৰদান কৰা পদ্ম বঁটা দেশৰ ভিতৰতে অন্যতম উচ্চতম অসামৰিক বঁটা।
ইয়াক পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী তিনিটা শাখাত প্ৰদান কৰা হয়। ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ, উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু যিকোনো ক্ষেত্ৰতে বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয় পদ্মশ্ৰী বঁটা।
প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা এই বঁটাসমূহ প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰে। এইবাৰ প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা ।
উল্লেখনীয় যে এইবাৰ পদ্মশ্ৰী বঁটাৰ বাবে উল্লেখ কৰা হৈছে অসমৰ তিনিজন বিশিষ্ট ব্যক্তিৰ নাম । পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত তিনিওগৰাকী ব্যক্তিয়েই নিজ নিজ ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক প্ৰদান কৰা হৈছে এই বৃহৎ স্বীকৃতি।