প্ৰথমে ফেচবুকত বিজ্ঞাপন আৰু তাৰ পাছত লুটপাতৰ পৰিকল্পনা কৰা তিনি মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে মুম্বাইত ৷ বাংগালোৰ আৰক্ষীৰ জালত পৰা মহিলা কেইগৰাকী হৈছে প্ৰিয়ংকা ৰাজেশ মোগ্ৰে (২৯),মহাদেৱী(২৬), আৰু ভানিতা(৩৭) প্ৰাপ্ত তথ্য অনুসৰি তিনিগৰাকী মহিলাই ফেচবুকৰ জৰিয়তে বনকৰা মহিলা হিচাপে কাম কৰাৰ ‘বিজ্ঞাপন’ প্ৰকাশ কৰে ৷ ইয়াৰ পাছত তেওঁলোকক নিয়োজিত কৰা ঘৰত লুটপাত কৰি আন ঠাইলৈ পলায় যায় ৷ বেংগালুৰুৰ হেন্নুৰত থকা এটা ঘৰৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰি মহিলা কেইগৰাকী মুম্বাইলৈ আহে আৰু মুম্বাইত কেইবাস্থানতো চুৰিকার্য সংঘটিত কৰে ৷ ইয়াৰ পাছতে বাংগালোৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত মুম্বাইত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় ৷ হেন্নুৰ আৰক্ষীয়ে মহিলা কেইজনীক আটক কৰি ২৫০ গ্ৰাম সোণ আৰু ১০০ গ্ৰাম ৰূপ উদ্ধাৰ কৰে ৷ তিনিওৰে বিৰুদ্ধে মুম্বাইতে ৩৭টা গোচৰ ৰুজু কৰা হৈছিল ৷