ভাৰতৰ মিঠাইৰ চহকী আৰু বৈচিত্ৰময় ইতিহাস আছে। কিছুমান পৰম্পৰাগত মিঠাই প্ৰতিটো উৎসৱৰ সৈতে জড়িত ৷ আনহাতে, আন কিছুমান মিঠাই আমাৰ দৈনন্দিন খাদ্যৰ এটা সাধাৰণ অংশ। শেহতীয়াকৈ চাউল ব্যৱহাৰ কৰি তৈয়াৰ কৰা তিনিটা ভাৰতীয় মিঠাইয়ে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। জনপ্ৰিয় খাদ্য আৰু ভ্ৰমণ গাইড টেষ্ট এটলাছে বিশ্বৰ ১০টা শ্ৰেষ্ঠ ৰাইচ পুডিঙৰ তালিকা প্ৰকাশ কৰে। ২০২৪ চনৰ এপ্ৰিল মাহলৈকে ইয়াৰ বৰ্তমানৰ আভ্যন্তৰীণ ৰেংকিঙৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে এই তালিকা ।
ফিৰনি আৰু খীৰে ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থান দখল কৰে। নৱম স্থান লাভ কৰে ছাক্কাৰাই পংগালে। উত্তৰ ভাৰতীয় ফিৰণিৰ বৰ্ণনা কৰি টেষ্ট এটলাছে কৈছে, “পৰম্পৰাগতভাৱে শিকোৰা নামেৰে জনাজাত সৰু সৰু মাটিৰ বাটিত পৰিবেশন কৰা ফিৰনি সদায় ভালকৈ ঠাণ্ডা কৰি বাদাম, গোলাপৰ পাহিৰে সজাই খোৱা হয় ৷ খীৰ বা পায়াসৰ কথা ক’বলৈ গ’লে ফুড গাইড সংস্থাটোৱে স্বীকাৰ কৰিছে যে ইয়াৰ বহু সংস্কৰণ আছে।
সক্কাৰাই পংগল হৈছে দক্ষিণ ভাৰতৰ পৰম্পৰাগত মিঠাই। এই তালিকাৰ শীৰ্ষত আছিল তুৰস্কৰ ফিৰিন চুটলাক নামৰ অভেনত বেক কৰা চাউলৰ পুডিং ৷