ৰাজ্যৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আজিৰে পৰা এক নতুন অধ্যায়ৰ সূচনা হ’ল ৷ ৰাজ্যৰ তিনিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বর্ষ আজিৰে পৰা আৰম্ভ হ’ব ৷ নগাঁও ,নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছে ৷
এই উপলক্ষে আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত আজি উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ ইপিনে ,নলবাৰী চিকিৎসা মহাবিদ্যালয়ত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷
উল্লেখ্য যে তিনিওখন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ লগে লগে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা বৃদ্ধি পাব ৷ ১২ খন চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা ১৫০০লৈ বৃদ্ধি পাব ৷