গোৱালপাৰাৰ লক্ষীপুৰত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতী–মানুহৰ সংঘাত ৷ বন্য হস্তীৰ উপদ্ৰৱত অতিস্থ হৈ পৰিছে অঞ্চলবাসী ৷ যোৱানিশা লক্ষীপুৰৰ শালবাৰী দ্বিতীয় খণ্ড গাঁৱত পুনৰ বন্যহস্তীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলায় ৷ উন্মত্ত হাতীৰ জাকটোৱে গাওঁখনৰ ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তিনিগৰাকীকৈ লোকক আক্রমণ কৰাৰ ফলত তিনিওজন লোক নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকাবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে একেটা পৰিয়ালৰে তিনিজন লোক। মৃত লোক কেইগৰাকী শালবাৰী দ্বিতীয় খণ্ড গাঁৱৰ ক্ৰমে মোমিন আলী মোল্লা (৭৫বছৰ), জহুৰা বিবি(৬৬বছৰ) আৰু সমীৰন বিবি (৫০বছৰ)বুলি জানিব পৰা গৈছে ।
এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে হাতী–মানুহৰ সংঘাত।