VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাৰমাণৱিক যুগৰ অন্ত পৰিল জাৰ্মানীত, বন্ধ কৰা হ’ল শেষৰ তিনিটা ৰিয়েক্টৰ

voicedesk by voicedesk
April 17, 2023
in মুখ্য সংবাদ
পাৰমাণৱিক যুগৰ অন্ত পৰিল  জাৰ্মানীত, বন্ধ কৰা হ’ল শেষৰ তিনিটা ৰিয়েক্টৰ
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

 

পাৰমাণৱিক শক্তিৰ ভাবুকি আৰু শক্তিৰ প্ৰদৰ্শন সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ সময়তে  জাৰ্মানীয়ে পাৰমাণৱিক শক্তিৰ উৎপাদন আৰু ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে । দেশত চলি থকা  তিনিটা পাৰমাণৱিক ৰিয়েক্টৰ কালিৰে পৰা বন্ধ কৰি দিয়া হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে জাৰ্মানীকে ধৰি সমগ্ৰ ইউৰোপ তীব্ৰ বিদ্যুৎ সংকটত পৰিছে। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰো ক্ৰমান্বয়ে বন্ধ কৰি দিছে। এনে পৰিস্থিতিতো এই দেশখনে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।

পশ্চিমীয়া দেশসমূহে অৱশ্যে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ বৃদ্ধি ইয়াৰ মাজতে জাৰ্মানীৰ পাৰমাণৱিক যুগৰ অন্ত পৰিল। যোৱা নিশা তিনিটা পাৰমাণৱিক ৰিয়েক্টৰ বিদ্যুৎ গ্ৰীডৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত এই কথা ঘোষণা কৰে আৰ ডব্লিউ ই এনাৰ্জীয়ে।

 

২০০২ চনৰ পৰা ইউৰোপৰ অন্যতম বৃহৎ অৰ্থনীতি জার্মানীয়ে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ বন্ধ কৰাৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰে। ২০১১ চনত জাপানত সংঘটিত হোৱা ফুকচিমা-ডাইচি পাৰমাণৱিক দুৰ্যোগৰ পিছত এই বিষয়টোক অধিক গুৰুত্ব দিয়া হৈছিল। তেতিয়াৰ চ্যান্সেলৰ এঞ্জেলা মাৰ্কেলে এনে পদক্ষেপ ল’বলৈ আৰম্ভ কৰিলে। অৱশেষত ২০২৩ চনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে পাৰমাণৱিক শক্তি উৎপাদন। ২০২২ চনত  এয়া বন্ধ হোৱাৰ কথা আছিল। কিন্তু যুদ্ধৰ বাবে ৰাছিয়াৰ গেছ যোগান ব্যাহত হৈ পৰে। ই গোটেই প্ৰক্ৰিয়াটো লেহেমীয়া কৰি তোলে ৷

 

এই সিদ্ধান্তত জাৰ্মানীৰ জনসাধাৰণ অতি সুখী হৈ পৰিছে । ইউক্ৰেইনৰ শীতল যুদ্ধ বা চেৰ্নোবিল দুৰ্যোগৰ কথা ভাবি তেওঁলোক সদায় পাৰমাণৱিক বিৰোধী স্থিতিগ্ৰহণ কৰি আহিছে । পৰিৱেশ মন্ত্ৰী ষ্টেফি লেমকে কয় যে পাৰমাণৱিক শক্তিৰ বিপদক কম বুলি ক’ব নোৱাৰি।

 

পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ কতড়া ঘোষণা কৰাৰ পাছত আজি জাৰ্মানীৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়। পাৰমাণৱিক বিৰোধী আন্দোলনৰ কেন্দ্ৰবিন্দু গ্ৰীণপিছে বাৰ্লিনৰ ব্ৰেণ্ডেনবাৰ্গ গেটত এক অনুষ্ঠান অনুষ্ঠিত কৰে। তাত এটা প্ৰতীকী ডাইনোছৰৰ মডেল ধ্বংস হয়। ইয়াৰ উপৰিও আজি জাৰ্মানীৰ কেইবাখনো চহৰত সাধাৰণ ৰাইজে এই দিৱস উদযাপন কৰিবলৈ শোভাযাত্ৰা উলিয়াই। বহুতে কয় যে এটা বিপজ্জনক, অস্থায়ী, ব্যয়বহুল প্ৰযুক্তি স্থগিত ৰখা হৈছে।

 

জাৰ্মানীয়েও পাৰমাণৱিক শক্তিৰ উপৰিও জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ চেষ্টা চলাইছে। এনে পৰিস্থিতিত তেওঁলোকে সিদ্ধান্ত লৈছিল যে ২০৩০ চনৰ ভিতৰত তেওঁলোকে প্ৰয়োজনীয় ইন্ধনৰ ৮০ শতাংশ নবীকৰণযোগ্য ইন্ধন হিচাপে উৎপাদন কৰিব। বতাহৰ দৰে নবীকৰণযোগ্য শক্তি। যোৱা এবছৰত ৫৫১টা বায়ু টাৰ্বাইন স্থাপন কৰা হৈছে। আগন্তুক বছৰবোৰতো এই প্ৰক্ৰিয়া অব্যাহত থাকিব।

 

Previous Post

মহাৰাষ্ট্ৰ চৰকাৰৰ বটাঁ প্ৰদান অনুষ্ঠানত অঘটন, তীব্ৰ গৰমত ৮ জন লোকৰ মৃত্যু

Next Post

গোটেই ৰাতি এচি চলায় বিজুলী বিল কিদৰে ৰাহি কৰিব ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গোটেই ৰাতি এচি চলায় বিজুলী বিল কিদৰে ৰাহি কৰিব ?

গোটেই ৰাতি এচি চলায় বিজুলী বিল কিদৰে ৰাহি কৰিব ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7