তিনিখন বিশ্ববিদ্যালয়ৰ নতুন উপাচার্যই আজি শপত গ্ৰহণ কৰে ৷ ৰাজভৱনত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তেওঁলোকক শপতগ্রহণ কৰোৱাই ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক ননীগোপাল মহন্ত, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক ধনপতি ডেকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে শপতগ্ৰহণ কৰে। লক্ষণীয় যে কালি অধ্যাপক ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্তি দিয়া হৈছিল ৷
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ শপত গ্ৰহণ অনুষ্ঠানৰ পাছত সামাজিক মাধ্যমৰ জৰিয়তে তিনি গৰাকী উপাচার্যক শুভেচ্চা জ্ঞাপন কৰে পেগুৱে ৷ তেওঁ কয় –“ আজি ৰাজভৱনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই অসমৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতবাক্য পাঠ কৰায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক ননীগোপাল মহন্ত, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক ধনপতি ডেকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে শপতগ্ৰহণ কৰে।এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি তিনিওগৰাকী সন্মানীয় উপাচাৰ্যলৈ অভিনন্দন জনাওঁ আৰু আগন্তুক কাৰ্যকালৰ সফলতা কামনা কৰোঁ।“