কালি ভাৰতৰ তামিল ছবি কুঝাংগলে ২০২২ চনৰ অস্কাৰ বঁটাৰ বাবে মনোনীত হয়। ১৫ জনীয়া জুৰি সদস্যই অভিনেত্ৰী নয়নতৰা আৰু ৱিগনেশ শিৱানে পৰিচালনা কৰা তামিল ছবিখনক অৱশেষত অস্কাৰৰ প্ৰৱেশ তালিকাত অন্তৰ্ভুক্ত কৰে।
এইবাৰ অস্কাৰৰ প্ৰাথমিক পৰ্য্যায়লৈ ভাৰতৰ ২২ খন ছবি মনোনীত হৈছিল। বিদ্যা বালান অভিনীত সেৰনী, বিকি কৌশল অভিনীত চৰ্দাৰ উধমৰ লগতে অসমীয়া কথাছবি ব্ৰীজেও প্ৰাথমিক স্তৰলৈ মনোনীত হৈছিল।