অসমৰ জাতীয় জীৱনলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা মহাপুৰুষসকলৰ অন্যতম হৈছে শ্ৰীশ্ৰীমাধৱদেৱ ৷ আজি মাধৱদেৱৰ তিথি ৷ এই উপলক্ষে নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰে আজি সত্ৰ –নামঘৰ ৷ বিশেষকৈ বৰপেটাৰ সত্ৰসমূহৰ লগতে বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰ-নামঘৰসমূহত আজি নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰে ৷
শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সোমবাৰে পুৱাৰ পৰাই হৰিনামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থান । শ্ৰীমন্তশংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ তিৰোভাৱ তিথিৰ কার্যসূচীত দেওবাৰৰ পৰাই শ্ৰীশ্ৰী বটদ্ৰৱা থানত আৰম্ভ হৈছে । দেওবাৰে ঘোষা কীৰ্তন, গন্ধ গোৱা অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানৰ পাচত সোমবাৰে পুৱা ‘‘তাল কোবোৱা’’ প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠান অনুষ্ঠিত হয় ।
ইফালে, সোমবাৰে পুৱাৰে পৰা দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱালৈ বিভিন্ন স্থানৰ পৰা বহু সংখ্যক ভক্তৰ আগমন ঘটে ৷ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কীৰ্তনঘৰ, পদশিলা আদি পূণ্যস্থানসমূহত তীৰ্থযাত্ৰীসকলে শৰাই, বন্তি, নৈবদ্য আদি আগবঢ়াই ভগৱন্তৰ আশীষ নিৰ্মালী গ্ৰহণ কৰে ৷বৰপেটাৰ নামঘৰ-সত্ৰসমূহতো একে পৰিৱেশে বিৰাজ কৰিছে ৷