‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ খ্যাত ব্ৰিটিছ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান ঘটিছে ৷ দেওবাৰে লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।
১৯৭৫ চনত ‘ইট কুড হেপেন টু ইউ’ নামৰ এখন তথ্যচিত্ৰৰ জৰিয়তে বাৰ্নাৰ্ডে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰে। পিছলৈ ৰিচাৰ্ড এটেনব’ৰ’ৰ পৰিচালিত ‘গান্ধী’ আৰু বব ৰাফেলছনৰ পৰিচালনাত ‘মাউণ্টেইনছ অৱ দ্য মুন’ আদি ছবিত অভিনয় কৰে। অৱশ্যে ১৯৯৭ চনত জেমছ কেমেৰনৰ অস্কাৰ বিজয়ী ছবি ‘টাইটানিক’ত কেপ্তেইন এডৱাৰ্ড জন স্মিথৰ চৰিত্ৰত কৰা অভিনয় এতিয়াও দৰ্শকৰ মনত সজীৱ হৈ আছে। ২০০২ চনত ‘লৰ্ড অৱ দ্য ৰিংছ’ ফ্ৰেঞ্চাইজিৰ ‘দ্য টু টাৱাৰছ’ ছবিত ৰজা থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পিছৰ বছৰ ‘ৰিটাৰ্ণ অৱ দ্য কিং’ ছবিখনত তেওঁক একেটা চৰিত্ৰতে দেখা পোৱা গৈছিল ৷
চিনেমাৰ উপৰিও বাৰ্নাৰ্ডে কেইবাখনো টিভি ধাৰাবাহিকত অভিনয় কৰিছিল। ১৯৮২ চনত তেওঁ বিবিচিৰ ধাৰাবাহিক ‘বয় ফ্ৰম দ্য ব্লেকষ্টাফ’ত অভিনয় কৰে। অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে হলিউড চেলিব্ৰিটিকে ধৰি অনুৰাগীয়ে ৷