খোজকাঢ়ি টহল দিয়াৰ পৰিৱৰ্তে সেনাই মণিপুৰত প্ৰযুক্তিৰ জৰিয়তে টহলৰ ব্যৱস্থা কৰিছে ৷ যাতে সংঘর্ষ ৰোধ কৰিব পৰা যায় ৷ সেনাৰ সূত্ৰ অনুসৰি তেওঁলোকে ড্ৰ’নৰ জৰিয়তে ইম্ফল উপত্যকা আৰু মণিপুৰৰ পাহাৰীয়া অঞ্চলৰ মাজৰ অঞ্চলটো নিৰীক্ষণ কৰিব বিচাৰিছে। আনকি ম্যানমাৰ সীমান্তৰ সমীপত মানৱবিহীন ড্ৰ’ন ব্যৱহাৰ কৰাৰ পৰিকল্পনাও কৰিছে সেনাই।
মণিপুৰত গোষ্ঠীগত হিংসাৰ প্ৰাৰম্ভিক দিনৰ পৰাই ৰাজ্যৰ পাহাৰ-ভৈয়ামৰ সংযোগী অঞ্চলসমূহ আটাইতকৈ উত্তপ্ত হৈ পৰিছে। ভূ-প্ৰকৃতিৰ ফালৰ পৰা ইম্ফল উপত্যকা সমতল। আৰু ইয়াৰ চাৰিওফালে পাহাৰীয়া অঞ্চল। মণিপুৰৰ দুটা জনগোষ্ঠীৰ ভিতৰত মেইটেইসকলে উপত্যকা অঞ্চলত বাস কৰে। আৰু কুকি জনগোষ্ঠীয়ে পাহাৰীয়া অঞ্চলত বাস কৰে। পাহাৰ আৰু ভৈয়ামৰ সংযোগস্থলত পহৰা দিয়া জিলাসমূহত সেনাবাহিনীক বাৰে বাৰে আক্ৰমণ চলাই আহিছে। স্থানীয় গাঁওসমূহতো সংঘটিত হৈছে হত্যা আৰু অগ্নিসংযোগৰ ঘটনা।
এই পৰিপ্ৰেক্ষিতত সেনাবাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে ম্যানমাৰ সীমান্তৰ পৰা অবৈধ অনুপ্ৰৱেশ আৰু অশান্ত অঞ্চলত নতুনকৈ অবৈধ সমাৱেশৰ বাবে মানৱবিহীন ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে। নিশা কোনো ধৰণৰ সমাৱেশ হয় নেকি চাবলৈও নাইট ভিজন কেমেৰা ব্যৱহাৰ কৰা হৈছে। ২ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৃথক পৃথক চোৰাংচোৱাগিৰি চলি আছে। যদিও নিৰাপত্তাজনিত কাৰণত সেনাই এই সন্দৰ্ভত ৰাজহুৱাভাৱে একো ক’ব বিচৰা নাই ৷
প্ৰসংগক্ৰমে মণিপুৰত ডেৰ মাহতকৈ অধিক সময় ধৰি ধাৰাবাহিক হিংসাত নিহত হোৱা লোকৰ সংখ্যা ডেৰশৰ ওচৰ চাপিছে। গৃহহীন হৈছে প্ৰায় ৫০ হাজাৰ লোক! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ পিছতো কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে। যোৱা ৩ মে’ৰ পৰা ৰাজ্যখনত সংঘর্ষৰ সূত্ৰপাত ঘটিছিল ৷