প্ৰতিবছৰে সমগ্ৰ দেশৰ বিভিন্ন ঠাইত থকা এল. জি. বি. টি. কিউ.ৰ চেন্টাৰ সমূহে এই কমিউনিটিৰ বাবে ইমান দিনে যি কাম কৰি আহিছে বা তেওঁলোকক যি সা-সুবিধা প্ৰদান কৰি আহিছে তাৰ প্ৰতি সন্মান প্রদর্শন কৰি এই দিৱস উদযাপন কৰা হয়।
১৯৯৪চনত এল. জি. বি. টি. কিউ. কমিউনিটিৰ বাবে কাম কৰি অহা দেশৰ বিভিন্ন কেন্দ্র সমূহক উৎসাহ যোগাবৰ বাবে ‘চেন্টাৰ লিংক’ৰ দ্বাৰা এই সজাগতা দিৱসপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হয়। দেশৰ চুকে কোণে থকা এই কেন্দ্র সমূহ কমিউনিটিটোৰ বাবে বৰ গুৰুত্বপূৰ্ণ কাৰণ এই কেন্দ্র সমূহে বিনামূলীয়াকৈ কমিউনিটিৰ সদস্য সকললৈ বিভিন্ন সহায় সহযোগিতা আগবঢ়াই আহিছে।
তেওঁলোকৰ শৈক্ষিক, সাংস্কৃতিক, মানসিক বিকাশৰ লগতে সৃষ্টি মূলক দিশ আৰু পুথিভঁৰালৰ প্ৰয়োজনীয়তা আদি দিশবোৰৰ ক্ষেত্ৰতো এই চেন্টাৰ সমূহে গুৰুত্ব প্ৰদান কৰি আহিছে।
১৯৯০চনত কমিউনিটি চেন্টাৰ সমূহৰ দ্বাৰা সজাগতা কিছু বৃদ্ধি পাইছিল ,দেশখনৰ সৰু সৰু চহৰ নগৰ বোৰতো সৰু সৰু চেন্টাৰ বোৰ গঢ় লৈ উঠিছিল আৰু ২০০০চনত এই চেন্টাৰ সমূহে মূৰ ডাঙি থিয় দিছিল আৰু সমাজলৈ এক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল । এল. জি. বি. টি. কিউ.কমিউনিটি সম্পৰ্কীয় যিকোনো তথ্য আৰু কমিউনিটিৰ সদস্য সকলক সুৰক্ষিত কৰিবৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিল।
‘ষ্ট’নৱেল ৰেবেলিয়ন’ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ১৯৯৪ চনত ‘দ্য ন্যাচনাল এছ’চিয়েচন অফ এল জি বি টি কমিউনিটি চেন্টাৰ’ ৰ জন্ম দিয়া হয় আৰু ২০০৮চনত এই সংস্থাৰ নাম সলনি কৰি ‘চেন্টাৰ লিংক’ কৰা হয়। বৰ্তমান প্ৰায় ২৫০টা চেন্টাৰৰ পূর্ণ সহযোগিতাত চেন্টাৰ লিংকে কমিউনিটিটোৰ বাবে কাম কৰি আছে।