আজি ৭ ব’হাগ। সমগ্ৰ অসমতে উদযাপন হৈছে ‘সতী সাধনী দিৱস’। কোন আছিল সেই গৰাকী মহীয়সী নাৰী !
অসমীয়া জাতিৰ গৌৰৱ তথা নাৰী শক্তিৰ অনন্য নিদৰ্শন মহীয়সী নাৰী সতী সাধনী। মধ্যযুগত যি দৰে ৰাজপুত মহিলা সকলে ৰজা- সৈন্যৰ মৃত্যু হ’লে জলন্ত জুইত জপিয়াই আত্মজাহ দি স্বদেশৰ মান , গৌৰৱ অক্ষুণ্ণ ৰাখিছিল ঠিক তেনেদৰেই শদিয়াৰ চুটীয়া ৰাজ্যৰ শেষৰ জন ৰজা নীতিপালৰ পত্নী তথা ৰাণী সাধনীয়েও পাহাৰৰ পৰা জঁপিয়াই নিজৰ সতীত্ব ৰক্ষাৰ লগতে ৰাজ্যখনৰ অখণ্ডতা ৰক্ষাৰ কাৰণেও প্ৰাণ আহুতি দিছিল।
১১৮৯ চনত বীৰপালে প্ৰতিষ্ঠা কৰিছিল চুটীয়া ৰাজ্য। চুটীয়া ৰাজ্যৰ ৰাজধানী আছিল সধয়াপুৰ। চুটীয়া সকলে অসমত ২৬ বছৰতকৈ অধিক কাল শাসন কৰিছিল। অষ্টম ৰজা ধৰ্মধ্বজ পালৰ বহু বছৰলৈকে সন্তান হোৱা নাছিল। অনেক পূজা- পাতল কৰি বহু সাধনা কৰাৰ পিছতহে কন্যা সন্তান এটিৰ জন্ম হোৱাত ছোৱালী জনীৰ নাম সাধনী ৰাখিছিল। সাধনী আছিল অতি দিপলিপ আৰু সুন্দৰী কন্যা। ধনুৰ্বিদ্যা , অস্ত্ৰ চালনা , হাতী বা ঘোঁৰাত উঠি যুদ্ধ কৰা আদি সকলো বিষয়তে পাৰ্গত সাধনীৰ বিবাহৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই ৰজাই সয়ম্বৰ পাতি সাধনীক বিয়া দিয়াৰ সিদ্ধান্ত ল’লে। এদিন ৰজা আৰু ৰাণীয়ে উদ্যানত ঘূৰি ফুৰোঁতে এটা কেৰ্কেটুৱাই এজোপা গছৰ ডালত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰা দেখি খেদিবলৈ চেষ্টা কৰিছিল কিন্তু কেৰ্কেটুৱাটো ভয় খোৱা নাছিল আৰু আঁতৰি যোৱা নাছিল। ৰজা-ৰাণীয়ে সিদ্ধান্ত ল’লে যিজন ৰাজকোঁৱৰে এই কেৰ্কেটুৱাটোক শৰবিদ্ধ কৰিব পাৰিব তেওঁলৈকে কন্যা সাধনীক বিয়া দিব। সময়ত কোনো ৰাজকোঁৱৰে কেৰ্কেটুৱাটোক শৰবিদ্ধ কৰিব নোৱাৰিলে যদিও নীতাই নামৰ এটি সাধাৰণ তথা অতি সাহসী আৰু সুদক্ষ ধনুকাড়ী লৰাই কেৰ্কেটুৱাটোক শৰবিদ্ধ কৰি সাধনীক পত্নী হিচাপে লাভ কৰিবলৈ সক্ষম হ’ল। কালক্ৰমত ১৫২২ খ্ৰীষ্টাব্দত নীতাইয়ে নীতিপাল নামলৈ চুটীয়া ৰাজ্যৰ ৰজা হয়। নীতিপাল কোনো ৰাজপৰিয়ালৰ সন্তান নোহোৱাৰ কাৰণে ৰাজ্য শাসনৰ কোনো অভিজ্ঞতা নোহোৱা বাবে ৰাজ্যৰ প্ৰশাসন সুকলমে চলাব পৰা নাছিল। এই ক্ষেত্ৰত বুদ্ধিমতী ৰাণী সাধনীয়েহে ৰাজ্যৰ প্ৰশাসনত ৰজাক সহায় কৰিছিল। ৰাজ্যৰ শাসনতকৈ বনলৈ গৈ পহু চিকাৰ কৰা , মাছ ধৰা আদি কামৰ প্ৰতি অধিক মনোযোগ দিছিল। চুটীয়া ৰজাৰ এনে দূৰ্বলতাৰ সুযোগ লৈ আহোম ৰজাই কেইবাবাৰো চুটীয়া ৰাজ্য আক্ৰমণ কৰিছিল আৰু প্ৰতিবাৰতে বহুত ধন-সোণ আদি উপহাৰ দি আহোম ৰজাৰ লগত সন্ধি কৰিব লগীয়া হৈছিল। চুটীয়া ৰজা নীতিপালৰ লগত আহোমৰ শেষ যুদ্ধখন বৰ ভয়াবহ আছিল । যুদ্ধত হাৰি নীতিপালে পত্নী, সৈন্য-সামন্তৰ সৈতে চন্দনগিৰি পৰ্বতত আশ্ৰয় লয় ।ৰাণী সাধনী আৰু তেওঁ নেতৃত্ব বহন কৰা নাৰী সৈন্যই ধনু-কাঁড় ,যাঠি লৈ শেষ মূহুৰ্তলৈকে আহোমক ভেঁটা দিবলৈ চেষ্টা কৰে। সাধনীৰ নেতৃত্বত থকা নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বহু শত্ৰু সৈন্য নিহত কৰিছিল। নাৰী বাহিনীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি আহোম সেনাপতিয়ে ছলনাৰে নীতিপালক বধ কৰে।
সাধনীক আহোম ৰজাই কুবেৰৰ সম্পত্তি , ঢাল, তৰোৱাল, সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও ৰাণীয়ে আত্মসমৰ্পণ কৰা নাছিল। শত্ৰুৰ হাতত আত্মসমৰ্পণ কৰাতকৈ ৰাজ্যবাসী আৰু নিজ সতীত্ব ৰক্ষাৰ কাৰণে চন্দনগিৰি পৰ্বতৰ শিখৰৰ পৰা তলৰ কুণ্ডলৈ জপিয়াই আত্মহত্যা কৰিছিল।
১৫২৪ খ্ৰীঃৰ ৭ ব’হাগত স্বজাতিৰ বাবে আত্মবলিদান দিয়া এই মহীয়সী নাৰী গৰাকী অসমৰ সকলো শ্ৰেণীৰ লোকৰ মাজত আদৰ্শ নাৰী হিচাপে জীয়াই আছে আৰু সদায় থাকিব।
মহীয়সী নাৰী গৰাকীক শ্ৰদ্ধা জনাবৰ কাৰণে প্ৰত্যেক বছৰতে ৭ ব’হাগ , ২১ এপ্ৰিলত ‘সতী সাধনী দিৱস’ পালন কৰা হয়।
আজি ‘সতী সাধনী দিৱস’ ৰ পৱিত্ৰ দিনটোত স্বদেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিয়া বীৰাঙ্গনী মহীয়সী নাৰী গৰাকীক Voice 24×7 পৰা যাচিলো শ্ৰদ্ধাঞ্জলি।