মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ আজি অনুষ্ঠিত হয় ১০০ সংখ্যক কেবিনেট বৈঠক ৷ উজানবজাৰস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আজি দিনৰ ১১.৩০ বজাৰ পৰা এই কেবিনেট বৈঠক আৰম্ভ হয় ৷ কেবিনেট বৈঠকৰ অন্তত বিয়লি ৩.৩০ বজাত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷
সংবাদমেলত ডঃ শর্মাই বিগত ৯৯ খন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই সিদ্ধান্তসমূহৰ কিমানসংখ্যক ৰূপায়ন হ’ল সেই সন্দর্ভত ৰিপ’র্ট কার্ড প্ৰদান কৰিব ৷
মুখ্যমন্ত্ৰী ডঃ শর্মাই সামাজিক মাধ্যমত সদৰী কৰা অনুসৰি এতিয়ালৈ অনুষ্ঠিত কেবিনেট বৈঠকসমূহত ১২৪৪ টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰে ১১২০ টা সিদ্ধান্ত কার্যকৰী কৰা হৈছে ৷ এতিয়ালৈ অনুষ্ঠিত কেবিনেট বৈঠকৰ ভিতৰত তিনিখন নতুন দিল্লীত,ধেমাজি,বঙাইগাঁও,হাফলং,তেজপুৰ,কোকৰাঝাৰ,শিলচৰ,যোৰহাট,ডিব্ৰুগড় আৰু ওদালগুৰিত এখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত হৈছে ৷