অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা যিসকল মহান মণিষী আছে , তেওঁলোকৰ ভিতৰত অন্যতম হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজনবৰুৱা ৷ আজি এইগৰাকী মহান মণিষীৰ ১৫৯ সংখ্যক জন্মজয়ন্তী।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি তেওঁৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত বিশেষ কার্যসূচী ৰূপায়ন কৰা হয় ৷ অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে প্ৰতিখন বিদ্যালয়তে আজি প্ৰার্থনা সভাত জাতীয় সংগীত ‘ অ’মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰা হয় ৷
শিৱসাগৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন বিদ্যালয়ত সাহিত্যৰথীৰ জন্মদিন উদযাপন কৰিছে। ৰাজ্য চৰকাৰে গঠন কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে জয়ন্তী উদযাপনৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, সিদ্ধাৰ্থ গোস্বামীৰ লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ সদস্য উপস্থিত থাকিব।
অসমীয়া সাহিত্য জগতলৈ তেওঁৰ অৱদান অতুলনীয়। তেওঁৰ সৃষ্টিৰাজিয়ে আজিও অসমীয়া সমাজ জীৱনক চহকী কৰি ৰাখিছে। ১৯০৯ চনত তেওঁৰ সম্পাদনাত প্ৰকাশ পাইছিল ‘বাঁহী’ আলোচনী ৷